শিৱসাগৰ, 16 জুলাইঃ চৰাইদেউ জিলা সমিতিয়ে ভজোত উদযাপন কৰে টাই আহোম যুৱ পৰিষদৰ ৰূপালী জয়ন্তী বৰ্ষ ৷ লক ডাউনৰ বাবে অনুষ্টুপীয়াকৈ উদযাপন কৰে ৰূপালী জয়ন্তীৰ দিৱসৰ কাৰ্যসূচী ।
কৰ'ণা ভাইৰাছৰ বাবে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো অব্যাহত আছে লক-ডাউন ব্যৱস্থা ৷ ইতিমধ্যে সকলো ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ কাৰ্যসূচী সকলোৱে বাতিল কৰিছে ৷ উল্লেখ্য যে,টাই আহোম জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নতিৰ হকে সংগ্ৰাম অব্যাহত ৰখা টাই আহোম যুৱ পৰিষদ,অসম চমুকৈ টাইপাৰ আজি প্ৰতিষ্ঠা দিৱস । ১৯৯৫ চনত গঠন হোৱা জনগোষ্ঠীয় সংগঠনটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে অনুষ্টুপীয়াকৈ উদযাপন কৰে সংগঠনটোৰ সদস্য সকলে ।
কৰ'ণা মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত টাইপাৰ চৰাইদেউ জিলা সমিতিয়ে ভজোত অনুষ্টুপীয়াকৈ উদযাপন কৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী। টাইপাৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈৰ লগতে বহুকেইগৰাকী কেন্দ্ৰীয় নেতা উপস্থিত থাকি পতাকা উত্তোলনৰ জৰিয়তে কাৰ্যসূচী সম্পন্ন কৰে । সম্পূৰ্ণ সামাজিক ব্যৱধান বৰ্তাই ৰাখি কৰ'ণা মহামাৰীৰ ওপৰত হাতে হাতে সজাগতামূলক প্লে-কাৰ্ড লৈ পতাকা উত্তোলন কৰি অনুষ্ঠান সামৰণি মাৰে সংগঠনটোৰ সদস্য সকলে।
লগতে পঢ়ক- যোৰহাটত ফ্লপ শ্ব’লৈ পৰিণত লক ডাউন