ETV Bharat / city

নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত PMEGP আঁচনিৰ বিশেষ পদক্ষেপ - bhadi bord press meet

শিৱসাগৰত খাদী আৰু গ্ৰামোদ্যোগ কমিছনৰ সংবাদমেল অনুষ্ঠিত ৷ কমিছনৰ উত্তৰ-পূৱ মণ্ডলৰ সহকাৰী মুখ্য কাৰ্যবাহী বিষয়া ড৹ সুকুমল দেৱে সম্বোধন কৰা এই সংবাদমেলত অসমৰ নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত খাদী আৰু গ্ৰামোদ্যোগ কমিছনে লোৱা পদক্ষেপৰ বিষয়ে সদৰী কৰে ৷

bhadi bord press meet
নিৱনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত PMEGP আঁচনিৰ বিশেষ পদক্ষেপ
author img

By

Published : Aug 22, 2021, 2:08 PM IST

শিৱসাগৰ, 22 আগষ্ট : শিৱসাগৰৰ খাদী আৰু গ্ৰামোদ্যোগ কমিছনৰ এক উল্লেখনীয় পদক্ষেপ ৷ অসমৰ নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত খাদী আৰু গ্ৰামোদ্যোগ কমিছনে লৈছে এই বিশেষ পদক্ষেপ ৷ এই কথা সদৰী কৰিছে কমিছনৰ উত্তৰ-পূৱ মণ্ডলৰ সহকাৰী মুখ্য কাৰ্যবাহী বিষয়া ড৹ সুকুমল দেৱে ।

শিৱসাগৰ নগৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত কৰা হয় এক সংবাদমেল ৷ এই সংবাদমেলতে ২০২০-২১ বিত্তীয় বৰ্ষত বিভাগটোৱে PMEGP আঁচনিৰ অধীনত ৰাজ্যৰ নতুন প্ৰতিষ্ঠানৰ মাজত ৫৮ কোটি টকাৰ এক সাহায্য আগবঢ়াইছে বুলি সদৰী কৰিছে ৷ এই আৰ্থিক সাহায্যৰে ৰাজ্যত ২৬,৯৬৮ নতুন ব্যৱসায় আৰু ৩,৩৭১ নতুন উদ্যোগ প্ৰতিষ্ঠা হোৱা বুলি মন্তব্য কৰে ড৹ সুকুমল দেৱে ৷

নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত PMEGP আঁচনিৰ বিশেষ পদক্ষেপ

প্ৰাপ্ত তথ্য অনুসৰি, ২০২০-২১ বিত্তীয় বৰ্ষত চৰকাৰীভাৱে এই সাহায্যৰ বাবে আৱণ্টিত ধনৰ পৰিমাণ আছিল ১৪৫ কোটি টকা ।

লগতে পঢ়ক: ইটিভি ভাৰতৰ তৰফৰ পৰা ৰাখীবন্ধনৰ হিয়াভৰা শুভেচ্ছা...

নিবনুৱা আৰু উদ্যোগীসকলৰ মাজত সজাগতাৰ অভাৱৰ বাবে আৱণ্টিত ধন ক’ভিডকালীন সময়ত বিভাগটোৱে সম্পূৰ্ণৰূপে খৰচ কৰিব নোৱাৰিলে । আৱণ্টিত ধনৰ মাত্ৰ ৪০ শতাংশ অৰ্থাৎ ৫৮ কোটি টকাহে ব্যৱহাৰ কৰিব পৰা যায় । এই অৱস্থাৰ অৱসান ঘটোৱাৰ বাবে ড৹ দেৱে চৰকাৰীভাৱে আগবঢ়োৱা ৰাজসাহায্য যুক্ত ঋণৰ সুযোগ গ্ৰহণ কৰিবলৈ নিবনুৱা তথা নতুন উদ্যোগীসকলক আগুৱাই আহিবলৈ অনুৰোধ জনায় ।

ড৹ সুকুমল দেৱে প্ৰকাশ কৰা অনুসৰি, ২০২০-২১ বিত্তীয় বৰ্ষত বিভাগটোৱে সমগ্ৰ দেশত ২১৮৯ কোটি টকা মাৰ্জিন মানীৰূপে আগবঢ়াইছিল ৷ এই ধনৰ জৰিয়তে ৬ লাখ নতুন কৰ্ম সংস্থাপনৰ সৃষ্টি হৈছিল । ই অসমৰ আৰ্থ-সামাজিক দিশৰ লগতে নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো এক ইতিবাচক বিষয় হৈ পৰিব ৷

লগতে পঢ়ক: পাৰপত্ৰ প্ৰদানৰ দাবীত AJYCP ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.