ETV Bharat / city

Covid-19 protocol in Assam:দৰ্শকৰ বাবে মুকলি কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰসমূহ

ইতিমধ্যে দৰ্শকৰ বাবে মুকলি কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰসমূহ ৷ ফলত উৎফুল্লিত হৈ পৰিছে শিৱসাগৰবাসী ৷ চৰকাৰে জাৰি কৰা প্ৰায়বোৰ নিৰ্দেশনা শিথিল কৰা (Covid protocol removed from Sivsagar)ৰ বাবে কৰ’ণাৰ কাৰণে স্তব্ধ হৈ পৰা ৰাজ্যৰ পৰ্যটন উদ্যোগটোৱেও পুনৰ প্ৰাণ পাই উঠিবলৈ আৰম্ভ কৰিছে (Tourism sector heading for a comeback riding) ৷

author img

By

Published : Nov 30, 2021, 8:45 PM IST

sivsagar-historical-places-now-opened-for-tourists
দৰ্শকৰ বাবে মুকলি কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰসমূহ

শিৱসাগৰ , 30 নৱেম্বৰ : পৰ্যটনথলীসমূহ মুকলি কৰি দিয়াক কেন্দ্ৰ কৰি উৎফুল্লিত হৈ পৰিছে শিৱসাগৰবাসী ৷ ৰাজ্যলৈ পৰ্যটকৰ আগমনৰ প্ৰতি সঁহাৰি জনাই পুনৰবাৰ মুকলি কৰি দিয়া হৈছে ঐতিহাসিক শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ (Sivasagar historical monuments) ৷ উল্লেখ্য যে বিগত দুটা বছৰ ধৰি বন্ধ হৈ আছিল শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, চৰাইদেউ মৈদাম, জয় দৌল আদি আহোম যুগৰ প্ৰাচীন কীৰ্তিচিহ্ন থকা স্থান সমূহ ৷

প্ৰায় দুটাকৈ বছৰত জীৱনযাত্ৰা স্তব্ধ কৰি তুলিছিল কৰ’ণা মহামাৰীয়ে ৷ বৰ্তমান লাহে লাহে স্বাভাৱিক হ’বলৈ ধৰিলে সকলো ৷ চৰকাৰেও শিথিল কৰি দিছে কৰ’ণা সন্দৰ্ভত জাৰি কৰা প্ৰায়বোৰ নিৰ্দেশনা(Covid protocol removed from Sivsagar) ৷ স্তব্ধ হৈ পৰা ৰাজ্যৰ পৰ্যটন উদ্যোগটোৱেও লাহে লাহে প্ৰাণ পাই উঠিব ধৰিছে((Tourism picks up in Assam) ৷

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে চলিত বছৰৰ মে’ মাহত দেশৰ সকলো পৰ্যটন ক্ষেত্ৰ পুনৰ মুকলিৰ নিৰ্দেশ জাৰি কৰিছিল ৷ কিন্তু ৰাজ্য চৰকাৰৰ ক’ভিড সম্পৰ্কীয় নিৰ্দেশনাৰ বাবে ইমানদিনে বন্ধ হৈ আছিল শিৱসাগৰৰ ঐতিহাসিক ক্ষেত্ৰসমূহ (Historical places of Sivsagar) ৷ শেহতীয়াকৈ ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ নিৰ্দেশমৰ্মে পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে এই ঐতিহ্য ক্ষেত্ৰসমূহ ৷ জানিব পৰা মতে বন্ধৰ সময়চোৱাৰ প্ৰতিটো দেওবাৰে প্ৰায় তিনি শতাধিক পৰ্যটক ঘূৰি গৈছিল শিৱসাগৰৰ পৰ্যটন থলী(Tourism in Sivsagar)সমূহৰ পৰা ৷ যাৰ বাবে এই স্থানসমূহৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱসায় কৰা স্থানীয় লোকৰ লগতে পৰ্যটন থলীসমূহ হৈ পৰিছিল স্তব্ধ ।

ইয়াৰোপৰি কৰ’ণা মহামাৰীৰ মাজতে ৰাজ্যত অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচন, দুৰ্গা পূজা, ষঠ পূজাকে ধৰি অন্যান্য ধৰ্মীয় উৎসৱ-পাৰ্বণসমূহ ৷ কিন্তু বন্ধ হৈ আছিল একমাত্ৰ পৰ্যটন থলীসমূহ ৷ যাৰ বাবে হোটেল ব্যৱসায়, পৰিবহণ ব্যৱসায়, পৰম্পৰাগত থলুৱা উৎপাদিত সামগ্ৰী আদিৰ বজাৰ সমূহ বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হৈছিল ৷

এইক্ষেত্ৰত দেশৰ আন আন ৰাজ্যত পৰ্যটকৰ ক্ষেত্ৰখন বাধাপ্ৰাপ্ত নোহোৱাকৈ ক'ভিডৰ লগত চৰকাৰে মোকাবিলা কৰিছে যদিও অসম চৰকাৰে এই দিশত সম্পূৰ্ণ উদাসীন নীতি গ্ৰহণ কৰি সমগ্ৰ পৰ্যটন ক্ষেত্ৰখনকে মৃত্যুৰ মুখলৈ ঠেলিছে বুলি একাংশই তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক : Kaziranga National Park : এটা মাহতে ১৮ হাজাৰৰো অধিক দেশ-বিদেশী পৰ্যটকে ভিৰ কৰিলে কাজিৰঙা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.