ETV Bharat / city

কোনে ধ্বংসৰ গৰাহলৈ থেলি নিছে যুৱ-প্ৰজন্মক ? - ড্ৰাগছ

সমগ্র অসমৰ যুৱ প্ৰজন্মৰ মাজত ব্যাপক হাৰত বৃদ্ধি পাইছে নিচাযুক্ত দ্ৰৱ্যৰ ব্যৱহাৰ । মদ,গাঞ্জা,নিচাযুক্ত টেবলেট আৰু ড্ৰাগছত আসক্ত হৈছে অসমৰ যুৱ প্ৰজন্ম । চৰকাৰৰ বৈধ অনুমতি সাপেক্ষে ৰাজ্যত বিক্ৰী হৈ আহিছে বিলাতী আৰু দেশীয় সুৰা। কিন্তু সৰবৰাহ আৰু ব্যৱহাৰত বাধা নিষেধ থকা গাঞ্জা,নিচাযুক্ত টেবলেট আৰু বৰবিহ ড্ৰাগছৰ ব্যৱসায় ৰোধ কৰাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন।

Drug abuse in the state
ৰাজ্যত ড্ৰাগছৰ ৰমৰমীয়া বেহা
author img

By

Published : Sep 15, 2020, 8:32 PM IST

Updated : Sep 16, 2020, 12:09 AM IST

শিৱসাগৰ,15ছেপ্টেম্বৰ: ৰাজ্যৰ যুৱ চামৰ মাজত ভয়াৱহ গতিত বৃদ্ধি পাইছে নিচাযুক্ত দ্ৰৱ্যৰ ব্যৱহাৰ । চৰকাৰী বৈধতাৰ মাজত বিক্ৰী হৈ অহা দেশীয় আৰু বিলাতী সুৰাৰ উপৰিও গাঞ্জা, নিচাযুক্ত টেবলেট,হিৰ'ইন-ব্ৰাউন ছুগাৰৰ দৰে ড্ৰাগছৰ কৱলত পৰিছে অসমৰ যুৱ প্ৰজন্ম । ৰাজ্যিক,ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ভাৱে সৰবৰাহ হোৱা নিচাযুক্ত টেবলেট,গাঞ্জা, ড্ৰাগছ আদিৰ অবৈধ সৰবৰাহৰ বাবে সমগ্ৰ ৰাজ্যত সুলভ হৈ পৰিছে এনে বৰবিহ ।

Drug abuse in the state
ৰাজ্যত ড্ৰাগছৰ ৰমৰমীয়া বেহা

অসম আৰক্ষীৰ তৰফৰ পৰা লাভ কৰা এক তথ্য অনুসৰি ৰাজ্যত বিগত তিনি মাহত নিচাযুক্ত টেবলেটৰ সৰবৰাহ ২৭৪% বৃদ্ধি হোৱাৰ বিপৰীতে গাঞ্জাৰ সৰবৰাহ ৬৪.০৪% আৰু ড্ৰাগছৰ ব্যৱহাৰ ৫৩.০৬% বৃদ্ধি পাইছে । চলিত বৰ্ষত ৬ লাখ নিচাযুক্ত টেবলেট আৰক্ষীয়ে জব্দ কৰাৰ বিপৰীতে এনে সৰবৰাহৰ ঘটনাত গ্ৰেপ্তাৰ হৈছে ১০৩২ গৰাকী লোক । বিগত জুন মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত ৩ লাখ ৫৪ হাজাৰ ৬১০টা টেবলেট অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰিছে অসম আৰক্ষীয়ে । বাংলাদেশৰ পৰা নামনি অসম হৈ ৰাজ্যৰ বিভিন্ন ঠাইত সৰবৰাহ হোৱা এনে নিচাযুক্ত টেবলেট ম্যানমাৰৰ পৰা নগালেণ্ড আৰু মণিপূৰ হৈও অসমলৈ সৰবৰাহ হয় । চলিত বছৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৩০১৯.৩২ কেজি গাঞ্জা জব্দ কৰাৰ লগতে ৬০১ টা কেছ পঞ্জীয়ন হৈছে । মুখ্যতঃ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ লগতে উজনি অসমৰ বিভিন্ন হাবিত উৎপন্ন হোৱা গাঞ্জা অসমলৈ আহে যদিও এক বুজন পৰিমাণৰ গাঞ্জা মেঘালয় আৰু ত্ৰিপুৰাৰ পৰাও সৰবৰাহ হয়।আনহাতে বৰবিহ ড্ৰাগছৰ প্ৰচলনো অসমত ব্যাপক হাৰত বৃদ্ধি পাইছে । অসমৰ বুজন সংখ্যক উঠি অহা প্ৰজন্ম এনে নিচাৰ কৱলত পৰিছে । চলিত বছৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৯.২৭ কেজি হিৰ'ইন জব্দ কৰাৰ বিপৰীতে যোৱা দুটা মাহত জব্দ কৰা এনে হিৰ'ইনৰ পৰিমাণ হৈছে ৩.১৩ কেজি।

অন্য এক খবৰৰ বাবে: 2021 চনৰ নিৰ্বাচন হ'ব জাতিৰ অগ্নি পৰীক্ষাঃ বৰষাৰাণী বিষয়া

সততে বিহাৰ আৰু উত্তৰ ভাৰতৰ পৰা ৰেল যোগে এনে ড্ৰাগছ অসমলৈ সৰবৰাহ হয় যদি আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হৈ এনে বৰবিহ অসমলৈ আমদানি হয় । এনে নিচা জাতীয় দ্ৰৱ্যত আক্ৰান্ত হৈ অসমৰ যুৱ প্ৰজন্ম শাৰিৰীক আৰু মানসিক ভাৱে পংগু হব ধৰিছে । এনে ভয়ংকৰ নিচা বহুজনৰ মৃত্যুৰ কাৰণ হৈ পৰিছে ।ৰিহেবিলেশ্বন চেণ্টাৰ এনে নিচাধাৰী সকলৰ বাবে একমাত্ৰ চিকিৎসাৰ পথ বুলি বিবেচিত হৈছে যদিও এনে চেণ্টাৰ সমূহে নিচাসক্ত সকলক অধিক চতুৰ কৰি তোলে বুলিহে অভিযোগ আহিছে । অসমত এই সকল নিচাসক্তক নিৰাময়ৰ বাবে উপযুক্ত পৰামৰ্শ আৰু কাউঞ্চেলিংৰ অভাৱ দেখা গৈছে ।

ৰাজ্যত ড্ৰাগছৰ ৰমৰমীয়া বেহা

ড্ৰাগছৰ দৰে নিচাযুক্ত দ্ৰৱ্যত আক্ৰান্ত এই সকল উঠি অহা প্ৰজন্ম অপৰাধী মনোভাৱৰ হৈ অহাটো সমাজৰ বাবে এক ভ‌য়ংকৰ কাৰণ হৈ পৰিছে । ড্ৰাগছৰ নিচা ক্ৰয় কৰিবৰ বাবে এতিয়া এই সকলে যিকোনো পন্থা গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰাৰ ফলত সামাজিক অপৰাধ যেনে চুৰি,লুণ্ঠন,ঠগ-প্ৰৱঞ্চনা আদি কেৱল নিচা ক্ৰয়ৰ বাবে স‌ংঘটিত হোৱা দেখা গৈছে।এই দিশত চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰক্ষী বিভাগ ।

বিলাতী আৰু দেশীয় সুৰাৰ বিক্ৰী চৰকাৰী পৃষ্ঠপোষকতাত হোৱাৰ বাবে চৰকাৰৰ আৱকাৰী বিভাগে সুৰাক্ৰান্ত সকলৰ নিৰাময়ৰ বাবে অবৈধ বিক্ৰী কৰা সকলৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰি অহাৰ লগতে অসম মাদক দ্ৰৱ্য আৰু নিচাযুক্ত নিবাৰণী পৰিষদ,অসম নামৰ এক সংস্থাই সজাগতামূলক কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে ।

Last Updated : Sep 16, 2020, 12:09 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.