শিৱসাগৰ, 18 জুলাইঃ শিৱসাগৰ জিলাৰ সোণাৰিৰ বিধায়িকা পুত্ৰ,চালক আৰু ব্যক্তিগত সহযোগী জনৰ ক'ভিড পজিটিভ ধৰা পৰাৰ পিছতেই কৰ'ণাৰ গণ সংক্ৰমণৰ আশংকা কৰিছে ৰাইজে । ইতিমধ্যে ৰাজ্যপাললৈ চৰাইদেউ জিলা কংগ্ৰেছৰ তৰফৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
উল্লেখ্য যে, ১৬ জুলাইত সোণাৰিৰ বিধায়িকা নৱনিতা সন্দিকৈৰ পুত্ৰ,ব্যক্তিগত সহযোগী আৰু গাড়ী চালক জনৰ স্বাৱ পৰীক্ষাৰ ফলাফল পজিটিভ ওলায় । পুত্ৰৰ ফলাফল পজিটিভ ধৰা পৰা পিছত পৰিয়াল কেইটা কোৱাৰেন্টাইন হৈ থাকিব লাগিছিল যদিও বিধায়িকা গৰাকীয়ে কৰ'ণাৰ সকলো নীতি-নিয়ম উলংঘা কৰি দলীয় আৰু চৰকাৰী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে চৰাইদেউ জিলা কংগ্ৰেছে । উক্ত কাৰ্যসূচীসমুহত শাসকীয় জনপ্ৰতিনিধি সহ কেইবাগৰাকী চৰকাৰী বিষয়াও অংশগ্ৰহণ কৰা বুলিও দলটোৱে অভিযোগ কৰিছে ।
বর্তমান প্ৰশাসনে বিধায়িকা গৰাকীৰ গৃহ কন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰা পৰিলক্ষিত হৈছে ৷ কিন্তু বিধায়িকা গৰাকীৰ পুত্ৰৰ সৈতে একেলগে বসবাস কৰিছিল লগতে পজিটিভ ৰিপৰ্ট পোৱাৰ আগদিনা লৈকে একেলগে দলীয় সভা-সমিতিত অংশ গ্ৰহণ কৰাৰ লগতে উক্ত সভাত উপস্থিত হোৱা কোনো দলীয়া সদস্যক কোৱাৰেন্টাইনৰ ব্যৱস্থা নকৰাত ক্ষুব্ধ হৈ পৰে ৰাইজৰ লগতে কংগ্ৰেছ দলৰ সদস্য সকল । বিধায়িকা গৰাকীৰ এনে কাৰ্যৰ মাজেৰে ৰাইজৰ মাজত ক'ভিড-১৯ৰ গণ সংক্ৰমণৰ আশংকা কৰিছে । গতিকে এই বিষয়টি উচিত তদন্ত কৰি সকলো সংস্পৰ্শত অহা ব্যক্তিক স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেন্টাইৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে ৷ শনিবাৰে উক্ত বিষয়টোৰ সন্দৰ্ভত চৰাইদেউ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি পবিত্ৰ শইকীয়া আৰু সম্পাদক উৎপল গগৈয়ে চৰাইদেউ জিলাৰ উপায়ুক্তৰ যোগেদি ৰাজ্যপাললৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে ।