ETV Bharat / city

কন্টেইনমেন্ট জ'নত সুৰাৰ মুকলি বেহা - শিৱসাগৰ

শিৱসাগৰ নগৰৰ কণ্টেইনমেণ্ট জ'নত আৰক্ষীৰ সহযোগত সুৰা বিক্ৰীৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ উক্ত ঘটনাৰ বিৰুদ্ধে ইতিমধ্যে উপায়ুক্তলৈ অভিযোগ পত্র প্রেৰণ কৰে স্থানীয় ৰাইজে ৷

PUBLIC PROTEST AGAINST ILLIGEL WINE AT SIVASAGAR
কন্টেইনমেন্ট জ'নত অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
author img

By

Published : Jul 9, 2020, 7:02 PM IST

শিৱসাগৰ, 9 জুলাইঃ শিৱসাগৰৰ পৌৰসভাৰ অন্তৰ্গত থানামুখ ৭ নং ৱার্ডৰ কন্টেইনমেন্ট জ'নত অবৈধ সুৰা ব্যৱসায় কৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইতিমধ্যে জিলা উপায়ুক্তলৈ এখনি অভিযোগ পত্ৰ প্ৰেৰণ কৰে স্থানীয় লোক সকলে ৷

কন্টেইনমেন্ট জ'নত অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

শিৱসাগৰ জিলাৰ পৌৰসভাৰ অন্তৰ্গত ৭ নং ৱার্ডৰ শ্মশান পথ আৰু লক্ষীপ্ৰিয়া পথটো যোৱা জুন মাহৰ ২৮ তাৰিখৰ পৰা কন্টেইনমেন্ট জ'ন হিচাপে শিৱসাগৰ জিলা প্ৰশাসনে ঘোষণা কৰে । উক্ত কন্টেইনমেন্ট এলেকাটোৰ ৰাইজে প্ৰশাসনে ঘোষণা কৰা লক ডাউনৰ সকলো নীতি নিৰ্দেশনা মানি চলি আছে ৷ তাৰ বিপৰীতে বাচনি আহমেদ আৰু পাপু ৰহমান নামৰ ব্যক্তি দুজনে উক্ত অঞ্চলটো অবৈধ সুৰাৰ ব্যৱসাই চলাই থকাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোক সকলে । আনহাতে সুৰা ব্যৱসায় বন্ধ কৰিবলৈ স্থানীয় ৰাইজে কেইবাবাৰো বাধা প্ৰদান কৰাৰ পাছতো ৰাইজক কোনো গুৰুত্ব নিদি সদৰ আৰক্ষী চকীৰ নিচেই কাষতে চলাইছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা । ফলত অতিষ্ঠ হৈ স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে উচিত ন্যায় বিচাৰি জিলা উপায়ুক্তলৈ এখন অভিযোগ পত্ৰও প্ৰৰণ কৰে ২ নং ৱার্ডৰ ৰাইজে ।

আনহাতে, এই অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীক অভিযোগ দাখিল কৰিবলৈ আহিছিল এজন যুৱকে ৷ কিন্তু উক্ত ঘটনাটো তদন্ত নকৰি যুৱক জনক নিৰ্মম প্ৰহাৰ কৰি থানাত আবদ্ধ কৰি ৰখা ঘটনাটোৰ বিৰুদ্ধে উত্তেজিত হৈ উঠিছে স্থানীয় লোক সকল । অতি শীঘ্ৰে যুৱক জনক মুকলি কৰি দিবলৈ দাবী জনোৱাৰ লগতে এই ঘটনাটো উচিত তদন্ত কৰিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় লোক সকলে ৷

লগতে পঢ়ক- অখিল গগৈসহ অন্যান্য নেতাসকলক উন্নত চিকিৎসা প্ৰদান দাবী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.