শিৱসাগৰ, 7 এপ্ৰিল : বৃহস্পতিবাৰে জাঁজীৰ পৰা শিৱসাগৰ জিলাৰ ডিমৌ পর্যন্ত 44 কিলোমিটাৰ পথ নিৰ্মাণত হোৱা চৰম দুৰ্নীতিৰ (Corruption in road construction) অভিযোগ উত্থাপন কৰে ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷
পথ নিৰ্মাণৰ সকলো নীতি-নিয়ম উলংঘা কৰি গেমন দাংকালি কোম্পানী লিমিটেড চমুকৈ GDCL য়ে নিজ খেয়াল খুচি অনুসৰি 4 লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে ( Allegation of corruption in road construction in Sivasagar) ।
এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথ চাৰি লেনযুক্ত কৰাৰ নামত GDCL য়ে ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰি ৰাইজৰ দল, KMSS আৰু SMSS য়ে এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ শিৱসাগৰ নগৰৰ সমীপৰ দৰিকাপাৰত সমবেত হৈছিল (Raijor Dal, KMSS, SMSS protest in Sivsagar) ।
প্ৰতিবাদী কেইটাই দৰিকাপাৰ হৈ যাবলগীয়া ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ সচিব গিৰিধৰ আৰামানেক তেওঁলোকৰ দাবী সম্বলিত স্মাৰক প্ৰদান কৰাৰ বাবে কিছু সময়ৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল । এই সময়চোৱাতে শিৱসাগৰ আৰক্ষীৰ এটা দলে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি স্মাৰক পত্ৰ প্ৰদান কৰিবলৈ অহা ৰাইজৰ ওপৰত বল প্ৰয়োগ কৰি মাৰপিট কৰাৰ অভিযোগ তুলিছে ৰাইজৰ দল আৰু অন্য প্ৰতিবাদী জনতাই (Protesters beaten up by police) ।
আৰক্ষীৰ আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা হতাহতিত ৰাইজৰ দলৰ এজন নেতা গুৰুতৰ ভাৱে আহত হয় । আহত নেতাগৰাকীৰ নাম পৰাশৰ কোঁৱৰ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ডিঙিত ধৰি চোঁচৰাই কোঁৱৰক বেয়াকৈ মাৰপিট কৰি আহত কৰে বুলি ৰাইজৰ দলসহ আন আন প্ৰতিবাদকাৰীদলে অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়ক : ১১ এপ্ৰিলত গুৱাহাটীত কবি নীলমণিক সন্মান: প্ৰথমবাৰলৈ অসমত "জ্ঞানপীঠ"ৰ অনুষ্ঠান