ETV Bharat / city

আমগুৰিত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ - শিৱসাগৰৰ আমগুৰি বৰছিলা চাহ বাগিচা

শিৱসাগৰৰ আমগুৰি বৰছিলা চাহ বাগিচাত প্ৰতিবাদ চাহ মজদুৰ সংঘৰ । চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধিৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে সংগঠনটোৱে ।

আমগুৰিত  চাহ মজদুৰ সংঘৰ প্ৰতিবাদ
আমগুৰিত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ
author img

By

Published : Mar 3, 2021, 2:27 PM IST

আমগুৰি,৩ মাৰ্চ: চৰকাৰ শাসনৰ গাদীলৈ আহিল ইটোৰ পিছত সিটো দল । কিন্তু চাহ শ্ৰমিকৰ দৈনিক মজুৰি একেই থাকিল । ৰাজনৈতিক নেতাসকলে নিৰ্বাচনৰ আগত চাহ শ্ৰমিকক লৈ প্ৰতিশ্ৰুতিৰ ওপৰত দিছিল প্ৰতিশ্ৰুতি । কিন্তু বাস্তৱত সকলো পৰিণত হ’ল ফুটুকাৰ ফেনত । যাৰ বাবে চাহ মজদুৰ সংঘই চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত শিৱসাগৰৰ আমগুৰি বৰছিলা চাহ বাগিচাত শাসনাধিষ্ঠিত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ।

আমগুৰিত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

সংগঠনটোৱে বাগানত বিভিন্ন চৰকাৰ বিৰোধী ধ্বনি দি উত্তাল কৰি তোলে পৰিৱেশ । উল্লেখযোগ্য যে, চাহ শ্ৰমিক সকলে বিভিন্ন সময়ত নিজৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে চৰকাৰক দাবী জনায় আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব দিয়া নাই চৰকাৰে । দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷ মজদুৰ সংঘৰ দাবী চাহ শ্ৰমিকক প্ৰাপ্য মজুৰি দিলেই সমাধান হ'ব সকলো সমস্যা । বৰ্তমান চৰকাৰে চাহ মজদুৰসকলৰ বাবে দিয়া আঁচনিসমূহ স্থায়ী ৰূপত চাহ মজদুৰসকলৰ সমস্যাৰ সমাধান কৰা নাই । শ্ৰমিকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধি নকৰিলে সমাগত বিধানসভা নিৰ্বাচনত শাসকীয় দলক নস্যাত কৰাৰ হুংকাৰ চাহ মজদুৰ সংঘৰ ।

লগতে পঢ়ক: বাঁহীবাদক প্ৰভাত শৰ্মাৰ দেহাৱসান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.