ETV Bharat / city

শিৱসাগৰত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ সংবাদমেল - নগৰৰ হস্পিতেল ৰোড

শিৱসাগৰত বিজেপি নেতা তথা সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ সংবাদমেল ৷ সংবাদমেলত বিজেপি সাংসদ গৰাকীয়ে আত্মনিৰ্ভৰ অসমৰ বাবে 10 টা সংকল্পৰ বিষয়ে অৱগত কৰে ৷ ৰাইজ তথা সমাজৰ উন্নতি সাধন কৰিবলৈ হ'লে বিজেপি চৰকাৰৰ প্ৰয়োজনীয়তা অত্যন্ত প্ৰয়োজন বুলি মন্তব্য কামাখ্যা প্ৰসাদ তাছাৰ ৷

শিৱসাগৰত বিজেপিৰ সাংসদৰ সংবাদমেল
শিৱসাগৰত বিজেপিৰ সাংসদৰ সংবাদমেল
author img

By

Published : Mar 26, 2021, 9:48 AM IST

Updated : Mar 26, 2021, 10:01 AM IST

শিৱসাগৰ,26 মাৰ্চঃ 25 মাৰ্চ তাৰিখে দিনৰ 12.30 বজাত শিৱসাগৰ নগৰৰ হস্পিতেল ৰোডস্থিত শিৱসাগৰ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰা হয় ৷ ৰাজ্যিক সমিতিৰ হৈ সাংসদ কামাখ্যা প্ৰসাদ তাছা সংবাদমেলখনত উপস্থিত থাকে । সংবাদমেলত বিজেপি সাংসদ গৰাকীয়ে আত্মনিৰ্ভৰ অসমৰ বাবে 10 টা সংকল্পৰ বিষয়ে অৱগত কৰে ।

শিৱসাগৰত বিজেপিৰ সাংসদৰ সংবাদমেল

একাদিক্ৰমে লিপিবদ্ধ কৰা উক্ত সংকল্পসমূহ- প্ৰথমটো অসমৰ জনগণক বানৰ বিভীষিকাৰ পৰা মুক্ত কৰা, দ্বিতীয়টো অৰুণোদয় আঁচনিৰ মাহিলী ৰাশি তিনি হাজাৰ টকা পৰ্যন্ত বৃদ্ধিৰ জৰিয়তে মহিলা সৱলীকৰণ, তৃতীয়টো নামঘৰ সুদৃঢ়কৰণ আৰু সত্ৰৰ অধিকাৰ সুৰক্ষা কৰা, চতুর্থটো অসমৰ শিশুসকলৰ এক উজ্জ্বল ভৱিষ্যৎ নিশ্চিত কৰি তোলা, পঞ্চমটো সংশোধিত এনআৰচিৰ যোগেদি অসমৰ অধিকাৰ সুৰক্ষিত কৰি তোলা, ষষ্ঠটো সমষ্টি সীমা পুনৰ নিৰ্ধাৰণৰ যোগেদি অসমৰ ৰাজনৈতিক অধিকাৰক সুৰক্ষা প্ৰদান কৰা, সপ্তমটো অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদনেৰে অসমক আত্মনিৰ্ভৰশীল হিচাপে গঢ়ি তোলা, অষ্টমটো অসমক ভাৰতৰ ভিতৰত অন্যতম দ্ৰুত কর্ম সংস্থাপন প্ৰদানকাৰী ৰাজ্য হিচাপে গঢ়ি তোলা, নৱমটো অসমক ভাৰতৰ ভিতৰত আটাইতকৈ উদ্যমিতা সমৃদ্ধ ৰাজ্য হিচাপে গঢ়ি তোলা আৰু দশমটো অসমৰ নাগৰিক সকলক ভূমি অধিকাৰ প্ৰদানেৰে সবল কৰি তোলা ।

আগন্তক দিনত বিজেপি চৰকাৰে এই দহটা সংকল্প লগত লৈ আগবঢ়াৰ লগতে ইতিমধ্যে যিসমূহ আঁচনি মুকলি কৰি দিয়া হৈছে সেই সকলোখিনি আঁচনি একে ধৰণে চলি থাকিব বুলি মন্তব্য কৰে । দেশত শান্তি সম্প্ৰতি অটুট ৰাখিবলৈ হ'লে আৰু ৰাইজ তথা সমাজৰ সৰ্বাংগীন উন্নতি সাধন কৰিবলৈ হ'লে বিজেপি চৰকাৰৰ প্ৰয়োজনীয়তা আছে বুলি সংবাদমেলত মন্তব্য প্ৰকাশ কৰে কামাখ্যা প্ৰসাদ তাছাই ।

লগতে পঢ়কঃ কংগ্ৰেছৰ নেতৃত্বত গঠন হ'ব মহাজোঁটৰ চৰকাৰ: পৱন সিং ঘাটোৱাৰ

Last Updated : Mar 26, 2021, 10:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.