ETV Bharat / city

মূল্যবৃদ্ধি-অভাৱৰ মাজতে আজি ৰাজ্যবাসীয়ে পালন কৰিব কাতি বিহু - কাতি বিহুৰ প্ৰস্তুতি

অসমীয়াৰ বাপতি সাহোন কাতি বিহু(Kati Bihu)ক লৈ ব্যস্ত ৰাজ্যবাসী ৷ কৰ’ণাতংক, খৰাং বতৰ তথা মূল্যবৃদ্ধিয়ে কোঙা কৰাৰ মাজতে সকলো বাধা নেওচি অসমীয়া চহা সমাজে উদযাপন কৰিব হেঁপাহৰ বিহুটি ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে কাতি বিহু উদযাপনৰ প্ৰস্তুতি ৷

মূল্যবৃদ্ধি-অভাৱৰ মাজতে আজি ৰাজ্যবাসীয়ে পালন কৰিব কাতি বিহু
কাতি বিহুক আদৰিবলৈ ব্যস্ত ৰাজ্যবাসী
author img

By

Published : Oct 18, 2021, 2:19 PM IST

Updated : Oct 18, 2021, 6:53 PM IST

নিউজ ডেস্ক, 18 অক্টোবৰ : ‘‘তুলসীৰ তলে তলে মৃগ পহু চৰে, তাক দেখি ৰামচন্দ্ৰই হৰ ধনু ধৰে’’ ৷ আজি অসমীয়াৰ প্ৰাণৰ উৎসৱ কাতি বিহু(Kati Bihu) ৷ অসমবাসীৰ বাপতি সাহোন কাতি বিহু উদযাপনৰ প্ৰস্তুতিত ব্যস্ত ৰাজ্যবাসী ৷

কৰ’ণাতংক, খৰাং বতৰ তথা মূল্যবৃদ্ধি(Price Hike)য়ে জৰ্জৰিত কৰা অসমীয়া চহা সমাজে সকলো বাধা নেওচি উদযাপন কৰিব হেঁপাহৰ বিহুটি ৷ আহিনৰ শেষ দিনটো আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে অসমীয়া সমাজে । এই বিহুটিৰ সৈতে সাঙোৰ খাই আছে অসমীয়াৰ জাতীয় কৃষ্টি-সংস্কৃতি ।

নিজ নিজ ঘৰৰ চোতালত মাটিৰে তুলসীৰ ভেঁটি নিৰ্মাণ কৰিছে কণ কণ শিশুকে ধৰি বয়োজ্যেষ্ঠসকলে । তুলসী ভেঁটিৰ তলতে সন্ধিয়া চাকি-বন্তি জ্বলাই নাম-প্ৰসংগ কৰি ভগৱন্তৰ চৰণত সেৱা আগবঢ়াব সকলোৱে । তুলসীৰ তলত জ্বলোৱা এই চাকিৰ পোহৰে যেন নিঃশেষ কৰিব সমাজৰ অসূয়া-অমংগল । এই বিশ্বাস অসমীয়া ৰাইজৰ ৷

মূল্যবৃদ্ধি-অভাৱৰ মাজতে আজি ৰাজ্যবাসীয়ে পালন কৰিব কাতি বিহু

সেউজীয়া হৈ পৰা ধাননি পথাৰত চাকি জ্বলাই পোক-পতংগৰ পৰা পৰিত্ৰাণ বিচাৰি কঙালীৰ গৰ্ভত ভোগালীৰ বীজ উৎপত্তি হ’বলৈ প্ৰাৰ্থনা জনাব চহা কৃষকসকলে । কৰ’ণা( Corona) ভাইৰাছে বিগত দুটাকৈ বছৰত যি ভয়াৱহ ৰূপ ল‘লে, সেয়া তুলসীৰ তলত জ্বলোৱা চাকিৰ পোহৰে নাইকিয়া কৰক বুলি সকলোৰে আশা ৷

কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে এক সুকীয়া মৰ্যদা প্ৰদান কৰিছে অসমীয়া জনজীৱনক । বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস এই বিহুটিৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছে । পৰম্পৰাগতভাৱে ৰাজ্যৰ প্ৰতিঘৰ অসমীয়াৰ চোতালত ৰোৱা তুলসীৰ তলত আৰু প্ৰতিখন পথাৰত চাকি, আকাশবন্তি জ্বলাই খেতি পথাৰত যাতে সোণোৱালী শস্য নদন-বদন হৈ ভঁড়াল মেটমৰা হৈ পৰে, তাৰে কামনাৰে নেদেখাজনৰ চৰণত সেৱা লৈছে অসমীয়া ৰাইজে ।

ঘৰৰ পদূলিমুখত, গোহালি ঘৰত তথা পথাৰত যাতে পোক-পৰুৱাই শস্যৰ অনিষ্ট কৰিব নোৱাৰে, তাৰ বাবেও আকাশ বন্তি প্ৰজ্বলন কৰিবলৈ কলগছৰ টুকুৰা সাজি বাঁহৰ খুঁটি কাটিছে ৰাইজে ৷ চেঙেলীয়া, বৃদ্ধকে ধৰি কণ কণ শিশুহঁতেও ব্যস্ত হৈ পৰিছে আপোন বিহুটিক আদৰাৰ প্ৰস্তুতিত ৷

এই কাৰ্যই প্ৰতিফলিত কৰিছে গ্ৰামাঞ্চলৰ এখন নিভাঁজ প্ৰতিচ্ছবি । চহা অসমীয়াই আশা কৰাৰ দৰে পুনৰ শস্যৰে ভৰি পৰক সোণোৱালী পথাৰ, সমাজৰ পৰা অচিৰেই দূৰ হওক অসূয়া-অপ্ৰীতি ৷ তাৰেই কামনা ইটিভি ভাৰতৰ পৰিয়ালবৰ্গৰ ৷

লগতে পঢ়ক : অনাবৃষ্টি : বঢ়মপুৰৰ কৃষকৰ মনত নাই কাতি বিহুৰ উছাহ

Last Updated : Oct 18, 2021, 6:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.