ETV Bharat / city

ছেবাৰ খেলিমেলি : ষষ্ঠ স্থান লাভেৰে কষ্টৰ ফল পালে প্ৰাৰ্থনাই - সাধাৰণ বিজ্ঞানৰ বহী পুনৰীক্ষণ

পূৰ্বৰ দৰেই এইবাৰো বিসংগতিয়ে লগ নেৰিলে ছেবাক (Pother in HSLC result by SEBA) ৷ এগৰাকী ছাত্ৰীৰ সাধাৰণ বিজ্ঞানৰ বহী পুনৰীক্ষণৰ পাচতে ধৰা পৰে ফলাফলৰ বিসংগতি ৷ মেট্ৰিকৰ ফলাফল ঘোষণা কৰাৰ এমাহৰ পাচত অসমৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হ’ল শিৱসাগৰৰ শ’লগুৰিৰ প্ৰাৰ্থনা দত্ত ৷

Prashtuti dutta secured sixth position in HSLC exam 2022

author img

By

Published : Jul 15, 2022, 8:44 PM IST

আমগুৰি, ১৫ জুলাই : ছেবাই মেট্ৰিকৰ ফলাফল ঘোষণা কৰা প্ৰায় এমাহ পাৰ হ’ল (HSLC result 2022) ৷ ভবা হৈছিল, এইবাৰ অন্ততঃ কোনো বিসংগতি নোহোৱাকৈ ফলাফল ঘোষণা কৰিছে ছেবাই ৷ কিন্তু ভবা কথা নহয় সিদ্ধি, বাটত আছে কণাবিধি ৷ পূৰ্বৰ দৰেই এইবাৰো বিসংগতিয়ে লগ নেৰিলে ছেবাক (Pother in HSLC result by SEBA) ৷ এগৰাকী ছাত্ৰীৰ সাধাৰণ বিজ্ঞানৰ বহী পুনৰীক্ষণৰ পাচতে ধৰা পৰে ফলাফলৰ বিসংগতি ৷

তথ্য অনুসৰি, শিৱসাগৰৰ শ’লগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰাৰ্থনা দত্তই প্ৰথমবাৰ ফলাফলত সাধাৰণ বিজ্ঞান বিষয়ত লাভ কৰিছিল 67 নম্বৰ ৷ এই নম্বৰ দেখি হতবাক হৈছিল ছাত্ৰীগৰাকীৰ লগতে শিক্ষক আৰু অভিভাৱকো ৷ লগে লগে বহী পুনৰীক্ষণৰ বাবে আবেদন জনায় ছাত্ৰীগৰাকীয়ে ৷ অৱশেষত শুকুৰবাৰে বহী পুনৰীক্ষণৰ অন্তত ফলাফল লাভ কৰিলে ছাত্ৰীগৰাকীয়ে ৷

ষষ্ঠ স্থান লাভেৰে কষ্টৰ ফল পালে প্ৰাৰ্থনাই

আচলতে ছাত্ৰীগৰাকীয়ে সাধাৰণ বিজ্ঞানত লাভ কৰিছিল 99 নম্বৰ ৷ কিন্তু প্ৰথমবাৰ তেওঁৰ নম্বৰ আহিছিল 67 ৷ 99 নম্বৰ লাভ কৰাৰ অন্তত তেওঁৰ মুঠ নম্বৰ হয় 592 ৷ সেই অনুযায়ী অসমৰ ভিতৰতে ষষ্ঠস্থান লাভ কৰিবলৈ সক্ষম হৈছে ছাত্ৰীগৰাকী ৷ একেখন বিদ্যালয়ৰে পৰা উচ্চতৰ মাধ্যমিকত দশম স্থান লাভ কৰিছিল দেবীস্তুতি হাজৰিকা নামৰ ছাত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে, শ’লগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰাৰ্থনা প্ৰয়াত দিলীপ দত্ত আৰু জুৰি শইকীয়া দত্তৰ একমাত্ৰ কন্যা ৷ মাত্ৰ তিনিবছৰ বয়সতে পিতৃক হেৰুওৱা ছাত্ৰীগৰাকীৰ এই সাফল্যই পলমকৈ হ’লেও আনন্দিত কৰিছে শিক্ষক-শিক্ষয়ত্ৰী আৰু পৰিয়ালৰ লোকক ৷ একে সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ পৰীক্ষাৰ ক্ষেত্ৰত ছেবাৰ এনে ধৰণৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : 10th rank in HSLC: উত্তৰবহী পুনৰীক্ষণত ওলাল আচল কথা: মেট্ৰিকত দশম স্থান লাভ ছিপাঝাৰৰ অবিনাশ চহৰীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.