ETV Bharat / city

শিৱসাগৰত আৰক্ষীৰ বাহনত আক্ৰমণ উত্তপ্ত জনতাৰ

author img

By

Published : Nov 17, 2021, 9:39 PM IST

শিৱসাগৰ জিলাৰ ২ নং মঠাদাং গাঁৱৰ নিবাসী নৱজ্যোতি ফুকন নামৰ যুৱকজন এজন মাতাল আৰক্ষী জোৱানৰ গাড়ীৰ খুন্দাত নিহত হৈছিল ৷ ইয়াৰ পাছত যুৱকজনক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত শিৱসাগৰ সদৰ থানা ঘেৰাও কৰে স্থানীয় লোকে ৷

Police vehicle attacked in Sivasagar by local people
শিৱসাগৰত আৰক্ষীৰ বাহনত আক্ৰমণ উত্তপ্ত জনতাৰ

শিৱসাগৰ, 17 নৱেম্বৰ : শিৱসাগৰত আৰক্ষী জোৱানৰ গাড়ীৰ খুন্দাত নৱজ্যোতি ফুকন নামৰ যুৱকজনৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে উত্তপ্ত হৈ পৰে শিৱসাগৰ সদৰ থানা ৷ যুৱকজনৰ মৃত্যুৰ উচিত তদন্তৰ লগতে দোষী আৰক্ষী জোৱানজনক কঠোৰতম শাস্তি প্ৰদানৰ দাবীত শিৱসাগৰ সদৰ থানাৰ চৌহদত যুৱকৰ মৃতদেহ লৈ উত্তাল পৰিবেশৰ সৃষ্টি কৰে মৃতকৰ আত্মীয়ৰ লগতে স্থানীয় লোকে ৷ আনকি আৰক্ষীৰ বাহনতো আক্ৰমণ কৰে উত্তপ্ত জনতাই ।

উল্লেখ্য যে, মঙলবাৰে নিশা AS 01-BD -5730 নম্বৰৰ তীব্ৰবেগী মাৰুতি ৱেগনাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল ২ নং মঠাদাং গাঁৱৰ নিবাসী নৱজ্যোতি ফুকন(২০) নামৰ এজন যুৱকৰ । নৱজ্যোতি ফুকনে AS 04-T-1765 নম্বৰৰ মটৰ চাইকেলখন লৈ পথৰ দাঁতিত ৰৈ থকা অৱস্থাত পাছৰ ফালৰ পৰা সুৰাৰ ৰাগীত মাতাল আৰক্ষীৰ জোৱান প্ৰদীপ দাসে খুন্দিয়াই গুৰুতৰভাৱে আহত কৰে ৷ আহত নৱজ্যোতি ফুকনক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছিল যদিও বুধবাৰে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় যুৱকজনৰ ৷

যুৱকজনৰ মৃত্যুৰ পাছতে আৰক্ষীৰ বিৰুদ্ধে জাঙুৰ খাই উঠে স্থানীয় ৰাইজ । আনহাতে দুৰ্ঘটনা সংঘটিত কৰা আৰক্ষী জোৱানজনৰ গাড়ীত সুৰাৰ বটল উদ্ধাৰ হোৱাৰ অভিযোগ কৰে দুৰ্ঘটনাত মৃত্যু হোৱা নৱজ্যোতিৰ পৰিয়ালৰ লোকে । অসম পুলিচ বেটেলিয়ানৰ জোৱান প্ৰদীপ দাসক ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । শিৱসাগৰ সদৰ থানাত ৰুজু কৰা ১৩৩১/২০২১ নম্বৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯/৩০৪(এ) ৰ অধীনত আৰক্ষী জোৱান প্ৰদীপ দাসক গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক : পুনৰবাৰ জামিন আবেদন নাকচ ৰৌণক আলি হাজৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.