শিৱসাগৰ, 21 আগষ্ট: পুনৰ চৰ্চালৈ আহিছে অ’এনজিচি (ONGC) ৷ দুদিন পূৰ্বে কেন্দ্ৰীয় পেট্ৰ’লিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ONGC ক অইল ইণ্ডিয়া লিমিটেডৰ সৈতে চামিল কৰা হ’ব বুলি ঘোষণা কৰিছিল ৷ এই ঘোষণাৰ পাচতে সৰৱ হৈছে ONGC পৰিবহণ ঠিকাদাৰ সন্থা ৷
অইল ইণ্ডিয়াৰ সৈতে ONGC ক চামিল কৰিলে ONGC ত পৰিবহণ ঠিকা কৰা ছয় শতাধিক নিবনুৱা ভয়াবহ বিপদত পৰিব ৷ আনকি ইয়াৰ সমান্তৰালভাৱে ONGC ত ঠিকাভিত্তিত নিয়োজিত কৰ্মচাৰীৰসকলৰ জীৱিকা সংকটৰ গৰাহত পৰিব বুলি দাবী কৰিছে পৰিবহণ ঠিকাদাৰ সন্থাই । যাৰ বিৰুদ্ধে শনিবাৰে প্ৰতিবাদত বহিল পৰিবহণ সন্থাটো ৷
লগতে পঢ়ক : কেন্দ্ৰীয় মন্ত্ৰীত্ব লাভৰ পাচত প্ৰথমবাৰলৈ অসমৰ মাটিত সৰ্বানন্দ সোণোৱাল
উল্লেখ্য যে, ১৯৫৬ চনত শিৱসাগৰত প্ৰতিষ্ঠা হোৱা ONGC য়ে বিগত ছয় দশক ধৰি তেল-গেছৰ অন্বেষণ আৰু খননৰ সৈতে জড়িত হৈ আছে । শিৱসাগৰৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছত বিশ্বৰ ১৫ খন দেশত নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰা ONGC সম্প্ৰতি দেশৰ অন্যতম নৱৰত্ন কোম্পানী ।
বিগত সময়ত এই কোম্পানীয়ে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে পৰিবহণ ঠিকাদাৰ সন্থাই ৷ ইয়াৰ বাবে কোম্পানীৰ ভুল পৰিচালনা নীতিক জগৰীয়া কৰিছে প্ৰতিবাদকাৰীসকলে । কৰ্ম সংস্কৃতিৰ অভাৱ, দক্ষতা বিহীন পৰিচালনা, ভুল পৰিচালনা নীতি, ব্যয় সংকোচনত ব্যৰ্থতা আদিৰ বাবেই ONGC সংকটৰ গৰাহত পৰা বুলি দাবী কৰিছে পৰিবহণ ঠিকাদাৰ সন্থাই ।
ONGC ৰ সৈতে জড়িত পৰিবহণ ঠিকাদাৰ, অস্থায়ী কৰ্মচাৰী আদিৰ ভৱিষ্যতৰ কথা চিন্তা কৰা কেন্দ্ৰীয় চৰকাৰে ONGC ক অইল ইণ্ডিয়াৰ সৈতে চামিলকৰণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । অন্যথা পৰিবহণ ঠিকাদাৰ সন্থাই বিভিন্ন জাতীয় দল-সংগঠনৰ সহযোগত সৰ্বাত্মক ONGC বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মাতৃভূমিত বিপুল আদৰণি