শিৱসাগৰ, 3 এপ্ৰিল শিৱসাগৰৰ এগৰাকী মহিলাক শাৰীৰিক,মানসিক নিৰ্যাতন চলোৱাৰ লগতে ব্লেকমেইলিং কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হল ৰফিকুল হাজৰিকা ওৰফে বাবুজান নামৰ এজন ব্যৱসায়ী ৷ বিগত দুই বছৰে মহিলা গৰাকীক নিৰ্যাতন চলোৱাৰ অভিযোগত ৰফিকুলৰ বিৰুদ্ধে আৰক্ষীয়ে জামিনবিহীন গোচৰ পঞ্জীয়ন কৰিছে ৷
বহুদিন পলাতক অৱস্থাত থকা ৰফিকুল হাজৰিকাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডাবিধি আইনৰ ৪৪৮/২৯৪(বি)/৫০৬/৩২৩/৩৭৬/৩৮৪ ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছে শিৱসাগৰ আৰক্ষীয়ে ৷
উল্লেখ্য যে, ৰফিকুল হাজৰিকা বিজেপি দলৰ এজন সদস্য আছিল ৷ কিন্তু ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত শিৱসাগৰ জিলা বিজেপিয়ে তেওঁক প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰে ৷
আৰু পঢ়ক :
তাবলিঘি জামাতৰ সৈতে জড়িত আৰু 360 জন বিদেশীৰ বিৰুদ্ধে গোচৰ ৰুজু