ETV Bharat / city

Har Ghar Tiranga, পতাকা নিকিনা হিতাধিকাৰীক বিনামূলীয়া চাউল নিদিয়ে সুলভ মূল্যৰ চাউল বিক্ৰেতাই ! - retail shopkeeper threats beneficiaries in Sivasagar

পতাকা নিকিনিলে হিতাধিকাৰীক বিনামূলীয়া চাউল নিদিয়াৰ হুংকাৰ ৷ মেচিনত তৈয়াৰী বিকৃত আকাৰ-আকৃতিৰ পতাকাক লৈ চিন্তিত সচেতনমহল ৷ হাতেৰে তৈয়াৰী খাদী পতাকাৰ প্ৰতি বাজিছে মৃত্যুঘণ্টা (Threat to Khadi industry) ৷

Har Ghar Tiranga
Har Ghar Tiranga
author img

By

Published : Aug 12, 2022, 9:37 AM IST

Updated : Aug 13, 2022, 12:08 PM IST

শিৱসাগৰ, 12 আগষ্ট: স্বাধীনতাৰ ৭৫ বৰ্ষ জাকজমকতা আৰু ব্যাপকভাৱে উদযাপনৰ পৰিকল্পনা কৰিছে ভাৰত চৰকাৰে (75th Anniversary of Indian Independence) । যাৰবাবে 'আজাদী কা অমৃত মহোৎসৱৰ' অংশৰূপে চৰকাৰে দেশৰ জনতাক ঘৰে ঘৰে পতাকা উত্তোলনৰ বাবে আহ্বান জনাইছে (Azadi ka Amrit Mahotsav)। কিন্তু এই আহ্বান ৰূপায়িত কৰাৰ বাবে চৰকাৰে শিথিল কৰা নিয়মৰ ফলত দেখা গৈছে জাতীয় পতাকাক লৈ নাভূত-নাশ্ৰুত কাণ্ড ।

ভাৰত চৰকাৰৰ 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী ৰূপায়ণৰ বাবে কৰা আহ্বান ব্যাপক হাৰত পালনৰ বাবে তৎপৰ হৈ পৰিছে অসম চৰকাৰ (Har Ghar Tiranga in Assam) । ইতিমধ্যে ভাৰত চৰকাৰে ঘৰে ঘৰে পতাকা উত্তোলনৰ বাবে 'ফ্লেগ ক'ড অৱ ইণ্ডিয়া' সংশোধন কৰি কেতবোৰ শিথিলতা বলৱৎ কৰে (Flag code of India ) । এতিয়াৰ পৰা জাতীয় পতাকা হাতেৰে তৈয়াৰী খাদীৰ উপৰিও মেছিন তৈয়াৰী পলিমাৰ কাপোৰত উপলব্ধ হৈ পৰিল । ফলত খাদীবস্ত্ৰ হস্তশিল্প উদ্যোগটো বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে (Threat to Khadi industry)।

চৰকাৰৰ এইবাৰৰ আহ্বানৰ বাবে খাদী পতাকা আংশিক বিক্ৰী হৈছে যদিও পৰৱৰ্তী সময়ত মেচিনত তৈয়াৰী পলিয়েষ্টাৰ কাপোৰৰ দাম খাদীতকৈ বহু কম হোৱাৰ বাবে খাদী পতাকা এলাগী হৈ পৰাৰ সম্ভাৱনা আছে ।

শিৱসাগৰত হৰ ঘৰ ত্ৰিৰংগা সফল কৰিবলৈ আজৱ কাণ্ড

আনহাতে মেচিনত জাতীয় পতাকা তৈয়াৰ কৰাৰ সুবিধা কৰি দিয়াৰ ফলত দেখা গৈছে জাতীয় পতাকাৰ আকাৰ, আকৃতি, ৰং আদিৰ বিসংগতি । অশোক স্তম্ভ থকা গেৰুৱা, বগা আৰু সেউজীয়া পতাকাখন ৰং বিকৃত হৈ পৰিছে । গেৰুৱাৰ ঠাইত কমলা-ৰঙা আদি ৰঙে ঠাই পাইছে । বগাৰ মাজত থকা অশোক স্তম্ভ পতাকাৰ কোণত ঠাই পাইছে ।

পতাকাৰ ক্ষেত্ৰত যেন নিৰ্দ্ধাৰিত আকাৰ-আকৃতিৰ কোনো নিয়ম নোহোৱা হৈ পৰিছে । মুঠৰ ওপৰত কৰবাত কৰবাত বিকৃত পতাকা লৈ ৰাইজে স্বাধীনতা দিৱস পালনৰ বাবে আগবাঢ়িছে । মৰ্যাদা যেন হানি হৈছে জাতীয় পতাকাখনৰ । খাদীৰ মৃত্যু ঘণ্টা, জাতীয় পতাকাৰ অৱমাননাৰ মাজত দেখা গৈছে ঘৰে ঘৰে ত্ৰিৰংগাৰ বাবে জাতীয় পতাকাক লৈ এক বেপাৰ (Har Ghar Tiranga) ।

'হৰ ঘৰ ত্ৰিৰংগা' সফল কৰিবৰ বাবে দুখীয়া ৰাইজক জাতীয় পতাকা কিনিবলৈ বাধ্য কৰা হৈছে । অসমত এতিয়ালৈকে ৫৩ লাখ পতাকা বিক্ৰী হৈছে । ইয়াৰ ৩৩ লাখ বিকিছে সমবায়ৰ সুলভ মূল্যৰ দোকানসমূহে । শিৱসাগৰ জিলাত এতিয়ালৈ ১ লাখ ৮ হাজাৰ পতাকা বিক্ৰী হৈছে । সৰহ সংখ্যক সুলভ মূল্যৰ দোকানীয়ে যোগান বিভাগৰ পৰা নগদ ধন দি ক্ৰয় কৰিছে । ফলত বিনামূলীয়া চাউলৰ হিতাধিকাৰী বাধ্য হৈছে বিশ টকা দি এখন পতাকা কিনিবলৈ, নহ'লে বিনামূলীয়া চাউল নিদিয়াৰ হুমকি দিয়া হৈছে ।

হাতত পতাকা কিনিবলৈ পইচা নথকা দুখীয়া ৰাইজে ধাৰ কৰি হ'লেও পতাকা কিনিবলৈ বাধ্য হৈছে । সেইদৰে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকো বাধ্য কৰোৱা হৈছে ৩০ টকা দামৰ পতাকা কিনিবলৈ । মুঠৰ ওপৰত ত্ৰিৰংগা উত্তোলনৰ নামত এক বেপাৰ সংঘটিত হৈছে । এতিয়া ৰাইজে উত্থাপন কৰিছে প্ৰশ্নৰ । স্বাধীনতা দিৱস উদযাপনৰ নামত জাতীয় পতাকাক লৈ বেপাৰ কৰা হৈছে নেকি ! বাধ্য কৰিছে নেকি ৰাইজক পতাকা ক্ৰয় কৰিবলৈ ?

লগতে পঢ়ক: Har Ghar Tiranga Abhiyan: বিশিষ্ট ব্যক্তি-ৰাজনীতিক-সমাজকৰ্মীৰ ঘৰলৈ গৈ জাতীয় পতাকা প্ৰদান মুখ্যমন্ত্ৰীৰ

Last Updated : Aug 13, 2022, 12:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.