ETV Bharat / city

শিৱসাগৰত বিশ্ব শান্তিৰ দোৱা কামনাৰে ঈদৰ আনুষ্ঠানিকতা সম্পন্ন

author img

By

Published : May 25, 2020, 8:34 PM IST

শিৱসাগৰ জিলাৰ সকলো মছজিদতেই অনুষ্টুপীয়াকৈ উদযাপন কৰিলে ঈদ ৷ সমুহীয়া নামাজ পঢ়াৰ পৰা বিৰত থাকি ঘৰতে নামাজ পঢ়ি বিশ্ব শান্তিৰ বাবে দোৱা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷

ETV BHARAT
শিৱসাগৰত বিশ্ব শান্তিৰ দোৱা কামনাৰে ঈদৰ আনুষ্ঠানিকতা সম্পন্ন

শিৱসাগৰ, 25 মেঃ শিৱসাগৰ চুকৰগাঁৱৰ মছজিদত অনুষ্টুপীয়াকৈ উদযাপন কৰিলে ঈদ ৷ ঘৰতে থাকি বিশ্ব শান্তিৰ বাবে দোৱা কৰিলে ইছলাম ধৰ্মাৱলম্বী ৰাইজে ৷

আজি পৱিত্ৰ ঈদ-উল-ফিটৰ ৷ ত্যাগ আৰু সংযমৰ প্ৰতীক ৰমজানৰ উপবাসৰ পাছত জোন দেখাৰ লগে লগে ৰমজান মাহৰ অন্ত পৰে । আৰম্ভ হয় চৌৱল মাহৰ । চৌৱলৰ পহিলা দিনটোত ইছলামধৰ্মী লোকসকলে তেওঁলোকৰ ইবাদ গৃহত সমুহীয়া নামাজ পঢ়ি সকলোৰে কুশল কামনা কৰে । কিন্তু বিগত বৰ্ষৰ দৰে এইবেলি আনুষ্ঠানিকভাৱে ঈদ উদযাপন কৰিব নোৱাৰিলে ইছলাম ধৰ্মাৱলম্বী ৰাইজে ৷ লক ডাউনৰ বাবে ইতিমধ্যে সকলো ধৰ্মাৱলম্বী লোকে সকলো অনুষ্ঠান বাতিল কৰিছে ৷ ঠিক একেদৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলেও চৰকাৰে ঘোষণা কৰা লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ সকলো মছজিদতে সমুহীয়া নামাজ পঢ়াৰ পৰা বিৰত থাকে ৷ ঠিক একেদৰে শিৱসাগৰ চুকৰগাঁৱৰ মছজিদকে ধৰি সকলো মছজিদতে বাতিল কৰিলে সমুহীয়া নামাজ ৷ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঘৰতে নামাজ আদায় কৰি বিশ্ব শান্তিৰ প্ৰাৰ্থনাৰে অনুষ্টুপীয়াকৈ উদযাপন কৰিলে ঈদ ৷

লগতে পঢ়ক- সনাতন দাসৰ হত্যাকাণ্ডৰ লগত জড়িত দুই অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.