ETV Bharat / city

Minor girl engaged as child labour: ঘৰ এৰি পলায়ন জনৈক চাংমাইৰ পৰিয়াল

author img

By

Published : Feb 12, 2022, 7:31 PM IST

চৰকাৰৰ কঠোৰ আইনকো আওকান কৰি নিজৰ কামত শিশু শ্ৰমিক নিয়োগ কৰি আহিছে একাংশ ধনবল-বাহুবলেৰে বলীয়ান লোকে ৷ শেহতীয়াকৈ শিৱসাগৰত সংঘটিত হৈছে একে অনুৰূপ ঘটনা (Minor girl engaged as child labour) ৷

child-labour-rescued-from-sivasagar
শিৱসাগৰ নগৰত শিশু শ্ৰমিক উদ্ধাৰ

শিৱসাগৰ, 12 ফেব্ৰুৱাৰী : যি সময়ত শিশু শ্ৰমিক ৰোধ কৰিবৰ বাবে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, তাৰ মাজতে সমগ্ৰ দেশৰ লগতে ৰাজ্যত অব্যাহত আছে শিশু শ্ৰমিক ব্যৱহাৰৰ ঘটনা ৷ শেহতীয়াকৈ শিৱসাগৰত শিৱসাগৰৰ মিলন নগৰৰ জনৈক চাংমাইৰ ঘৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷

ঘটনা অনুসৰি, শনিবাৰে পুৱাৰভাগত শিৱসাগৰৰ মিলন নগৰৰ বাসিন্দা জনৈক চাংমাইৰ ঘৰত থকা বনকৰা শিশুটিয়ে ঘৰৰ পৰা ওলাই গৈ কাষৰ লোকৰ ঘৰত গৈ চাংমাইৰ ঘৰত পোৱা অত্যাচাৰ বৰ্ণনা কৰে । শিশুটিক সময়মতে খাবলৈ নিদিয়াৰ লগতে শাৰীৰিক অত্যাচাৰো কৰে বুলি উল্লেখ কৰিলে শিশুটিয়ে ৷ যাৰ ফলত উত্তেজিত হৈ উঠে স্থানীয় লোকসকল ৷

লগে লগে আৰক্ষীক ঘটনা সন্দৰ্ভত জনোৱাত জিলা প্ৰশাসনৰ শিশু সুৰক্ষা বিষয়া গৈ শিশুটিক উদ্ধাৰ কৰি শিৱসাগৰ সদৰ থানালৈ আনে (Minor girl engaged as child labour rescued) । ইতিমধ্যে শিশু সুৰক্ষা অধিকাৰীৰ জিম্মাত ৰখা শিশুটিৰ পৰিয়ালৰ লোকক তিতাবৰৰ পৰা শিৱসাগৰলৈ অহাৰ নিৰ্দেশ দিয়া হৈছে । ককাকৰ লগত থাকিবলৈ ইচ্ছা কৰা শিশুটিক পৰিয়ালৰ জিম্মাত দিয়াৰ লগতে শিশুটিৰ সাক্ষ্যৰ ভিত্তিত শিশু সুৰক্ষা আইন অনুসৰি চাংমাই পৰিয়ালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিষয়াই জানিব দিয়ে ।

ইফালে চাংমাই দম্পতী সম্প্ৰতি পলাতক হৈ আছে ৷ প্ৰাপ্ত খবৰ অনুসৰি অৰুণ বৰা নামৰ এজন লোকে চাংমাই দম্পতীৰ ঘৰত আনি দিছিল শিশুটিক ৷ এইজন অৰুণ শৰ্মাই 7 বছৰীয়া এটি শিশুক 13 বছৰীয়া সজাই চাংমাই দম্পত্তিক উদ্ধাৰৰ বাবে চেষ্টা চলোৱা বুলি উত্থাপিত হৈছে অভিযোগ ৷

লগতে পঢ়ক : Toilet বিচাৰি বিজেপিৰ সভাত শ্বেৰমান আলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.