আমগুৰি, ২২ ছেপ্টেম্বৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনৱদ্য অৱদান ভাওনা । এই ভাওনা সংস্কৃতিৰ সৈতে জড়িত হৈ আছে মুখাশিল্প । অসমৰ লোক সংস্কৃতিৰ অন্তৰ্গত মুখাশিল্পৰ আছে অন্য এক মাত্ৰা । এই শিল্পই বৰ্তমান সময়ত ৰাজ্য তথা দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে সমাদৰ ৷
আমগুৰিৰ ঐতিহাসিক জৰাবাৰী সত্ৰৰ প্ৰদীপ হাজৰিকাই মুখাশিল্পৰ লগতে অন্যান্য কেইবাটাও সৃষ্টিকামী শিল্পক নিজ হাতেৰে প্ৰস্তুত কৰি ইতিমধ্যে অসমৰ লগতে বহিঃৰাজ্যতো প্ৰদৰ্শনীৰ সুবিধা লাভ কৰিছে ।
সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টা আৰু চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ হেমচন্দ্ৰদেৱ গোস্বামীক গুৰু হিচাপে গ্ৰহণ কৰি প্ৰদীপ হাজৰিকাই যোৱা ১০ বছৰে অব্যাহত ৰাখিছে এই ধাৰা ৷
আৰ্থিকভাৱে দুৰ্বল যুৱকজনে অসমীয়া সংস্কৃতিৰ অন্যতম সম্পদ ভাওনাৰ বাবে প্ৰয়োজনীয় মুখাশিল্পক সংৰক্ষণ কৰিবলৈ সক্ষম হৈছে । সংস্কৃতিৱান যুৱকজনে বৰ্তমানলৈ চৰকাৰৰ পৰা লাভ কৰা নাই কোনো ধৰণৰ সাহাৰ্য । গুৰুজনাৰ শিল্পৰাজিৰ ক্ষেত্ৰত কৰিবলগীয়া আৰু বহু আছে বুলিও মত পোষণ কৰে প্ৰতিভাৱান শিল্পীগৰাকীয়ে ।
এক সুকীয়া পৰিচয় বহন কৰা অসমীয়া জাতিৰ এই আপুৰুগীয়া সম্পদৰাজি সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে অনীহা প্ৰকাশ কৰাৰ লগতে শিল্পীসকলকো প্ৰদান কৰা নাই পৰ্যাপ্ত সুবিধা । বিভিন্ন সময়ত চৰকাৰে শিল্পীসকলক সুবিধা প্ৰদান কৰা বুলি প্ৰকাশ কৰিলেও প্ৰদীপ হাজৰিকাৰ দৰে একাংশ প্ৰকৃত শিল্পীয়ে আজিও বঞ্চিত হৈ আছে চৰকাৰী সা-সুবিধাৰ পৰা । ইয়াৰোপৰি, কৰ'ণা ভাইৰাছৰ দ্বাৰা সৃষ্ট লক ডাউনৰ বাবেও সাংস্কৃতিক অনুষ্ঠানসমূহ বন্ধ হৈ পৰাত এতিয়া অসুবিধাৰ সন্মুখীন হৈছে সৃষ্টিকামী শিল্পৰ সৈতে জড়িত শিল্পীসকল । সেয়েহে সেই সমূহ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলে শিল্পীসকল নিশ্চয় উপকৃত হ'ব বুলি আশা কৰিব পাৰি ।
লগতে পঢ়ক : এগৰাকী প্ৰসূতিৰ এটা ভিডিঅ'ই তোলপাৰ লগাইছে ৰঙিয়াত