শিৱসাগৰ, 29 জুন : আনৰ দয়া আৰু পুতৌৰ মাজতে জীয়াই থকা এখন অনিৰ্দিষ্ট সংগ্ৰাম ৷ দুবেলা দুমুঠি খোৱাৰ হেপাহত শাৰিৰীকভাৱে অক্ষম হৈয়ো একাংশই নিজকে প্ৰমাণ কৰি গৈছে ৷ কিন্তু আজি সময়ে অধিক দুৰ্বিসহ কৰি তুলিছে এই জীৱন সংগ্ৰাম ৷ আমি ক'ব লৈছো মগনীয়াৰ জীৱনৰ বিষয়ে ৷ জীৱনৰ নামতে এওঁলোকে চলাই গৈছে সংগ্ৰাম আৰু সংঘৰ্ষ ৷
এওঁলোকৰ জীৱনৰ বিষয়ে জানিবলৈ আমি উপস্থিত হৈছিলো ঐতিহাসিক শিৱসাগৰ চহৰত ৷ চহৰখনৰ কেইটামান পৰিচিত নাম হৈছে নুৰজাহান,লখী দাস,মুক্তি চাচা আদি ৷ এই নামকেইটাৰ আঁৰত থকা একোখন ধুনীয়া মুখৰ জীৱন সংগ্ৰাম সিমান এটা সফলতাপূৰ্ণ নহয় ৷ কিয়নো এওঁলোক হৈছে একোগৰাকী মগনীয়া ৷ মগনীয়া হিচাপে পৰিচিত নুৰজাহান,লখী দাস,মুক্তি চাচাহঁতৰো আছে একোখন পৰিয়াল, এটা জীৱন ৷ ডাঙৰ কথাটো হৈছে, পেটত এওঁলোকৰো ভোক আছে ৷ জীৱন সংগ্ৰাম আৰু বৰ্তমানৰ পৰিস্থিতিত কিদৰে তেওঁলোকে সময় পাৰ কৰিছে তাক জানিবলৈ ইটিভি ভাৰত গৈ তেওঁলোকৰ ওচৰত উপস্থিত হৈছিলো ৷
যেতিয়াই আমি তেওঁলোকৰ ওচৰত গৈ কথা পাতিছিলো এফালৰ পৰা তেওঁলোকে কৈ গৈছিল জীৱনৰ কথা ৷ সময় আৰু পৰিস্থিতিৰ বাবে বাধ্য হৈ ভিক্ষাবৃত্তিত নমাৰ এক অকথিত কাহিনী, যাক হয়তো কোনেও শুনিব নিবিছাৰে আৰু কেতিয়াও শুনা নাই ৷ জন্মান্ধ লখী দাসে সৰুৰে পৰা বাটৰ কাষত নেগেৰা বজাই গান গাই ভিক্ষা খোজে । জন্মৰে পৰা অকামিলা ভৰি লৈ লোৰ চকা লগোৱা কাঠৰ গাড়ীত উঠি ভিক্ষা খোজে নুৰজাহনে । মুক্তি চাচাই ভিক্ষাৰ জোলোঙা লৈছে বয়সৰ ভৰত । নিজৰ লগতে পৰিয়ালৰ আন আন সকলক পোহপাল দিয়াৰ বাবে এওঁলোক আটায়ে এইদৰে দৈনিক ভিক্ষাবৃত্তিত নামে ।
কিন্তু কেতিয়াবা সময়ে সকলোৰে পক্ষত ঠিয় নিদিয়ে, সময় হৈ পৰে দুঃসময় ৷ স্বাভাৱিক জীৱনযাত্ৰাক প্ৰভাৱিত কৰি তোলে সমসাময়িক পৰিস্থিতিয়ে ৷ সকলোৰে জীৱন প্ৰভাৱিত কৰি তোলা এই দুঃসময় হৈছে কোভিড-19 মহামাৰীৰ ৷ কোভিড-19ৰ ফলত সৃষ্ট লকডাউনে এওঁলোকৰ জীয়াই থকাৰ অধিকাৰক নিশ্চিতভাৱে প্ৰত্যাহ্বান জনাইছে ৷ স্বাভাৱিক দিনত পেটৰ জোখেৰে ভিক্ষা পোৱা এইসকল লোকৰ জীৱন ধাৰণৰ উপায় বন্ধ হৈ পৰাৰ লগত দেখা দিছিল সমস্যাৰ পাহাৰ আৰু অভাৱে ৷
লকডাউনৰ সেই সময়ছোৱা এদিন খাই দুদিন লঘোণে থকাৰ লগতে আছিল ভোক আৰু যন্ত্ৰণাৰ । তাতে আকৌ ভিক্ষাৰীৰ জীৱন এনেও আনৰ পুতৌ-দয়াৰ ওপৰত নিৰ্ভৰশীল । লকডাউনৰ সময়ে সম্পূৰ্ণ পংগু কৰি দিলে এওঁলোকৰ জীৱন নামৰ নিয়তিৰ খেলখন । মৰম উপজাসকলৰ অধিক কৰুণাত জীয়াই থাকিব লগা হ'ল নুৰজাহান-লখীহঁত । এতিয়া যদিও লকডাউন খুলিছে তথাপিও জীৱন স্বাভাৱিক হোৱা নাই । কেতিয়াবা দুটকা উপাৰ্জন হয় আৰু কেতিয়াবা বিনা লাভে জোলোঙা সামৰিব লগা হয় । তথাপিও এওঁলোকৰ আছে আশা, বহুত ডাঙৰ নহ'লেও সময় আৰু জীৱন স্বাভাৱিক হোৱাৰ এক ক্ষীণ আশা, ভিক্ষাৰ জোলোঙাত ৰাইজৰ দয়া ভৰাৰ আশা ।
এওঁলোকৰ দৰে হাজাৰ বিজাৰ লখী, নুৰজাহান, মুক্তি চাচা আমাৰ সমাজত আছে । নাম নজনা, পৰিচয় নথকা বহুজন আছে । কিন্তু এইসকলৰ ভিক্ষাৰীৰ পৰিচয়ৰ ওপৰি আন এক পৰিচয় আছে । মানুহৰ পৰিচয় । আমাৰ দৰে মানুহৰ পৰিচয় । লখী, নুৰজাহান মুক্তি চাচাহঁতক সমাজত জীয়াই থকাৰ অধিকাৰ আমিয়ে প্ৰদান কৰিব লাগিব, এওঁলোকৰ দুখত সমভাগী হৈ মানৱতাৰ পৰিচয় আমি সাধাৰণ মানুহেই তুলি ধৰিব লাগিব ৷