Illegal liquor seized: শিৱসাগৰত জব্দ অবৈধ সুৰা - Operation against illegal liquor
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ অভিযানত জব্দ নিষিদ্ধ সুৰা (Operation against illegal liquor) ৷ নিষিদ্ধ সুৰাৰ বিৰুদ্ধে শিৱসাগৰত অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ শেহতীয়াকৈ হালোৱাটিং আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰে (Illegal liquor seized) ৷

আমগুৰি, 16 মে’: অবৈধ সুৰাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে (Liquor seized in different parts of Assam ) ৷ শেহতীয়াকৈ হালোৱাটিং আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷
ঘটনা অনুসৰি, নামতি চাৰিআলি ৱাইন চ'পৰ পৰা নগালেণ্ডলৈ গৈ থকা এখন AS -06-B-0018 নম্বৰৰ সুৰাভৰ্তি বাহনত হালোৱাটিং আৰক্ষীয়ে অভিযান চলাই প্ৰায় 400 টা অবৈধ সুৰাৰ বটল জব্দ কৰে (Illegal liquor seized at Amguri) ৷ লগতে বাহনখনৰ চালকজনক আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন গাড়ী চালকজন সীমান্ত বৰুৱা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি অসম-নাগালেণ্ড সীমান্তৱৰ্তী আমগুৰি আৰু হালোৱাটিঙত অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ তাৰ মাজতে বিগত এপ্তাহ পূৰ্বে হালোৱাটিং আৰক্ষীয়ে গাড়ীসহ অৰুণাচলী সুৰা জব্দ কৰিছিল (Arunachal made Liquor seized by Halowating police) ৷ ইতিমধ্যে আৰক্ষীয়ে অবৈধ সুৰা সৰবৰাহত জড়িত বাহনখন জব্দ কৰি আটকাধীন চালকজনক সোধপোচ আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : এফালে কৃত্ৰিম বান; আনফালে চোৰৰ টিঘিলঘিলনি