শিৱসাগৰ, 12 জুনঃ আজমল ফাউণ্ডেছনৰ উদ্যোগত আৰু শিৱসাগৰ নগৰৰ আমগুৰিঘাট নামঘৰ সমিতিৰ সৌজ্যনত শুকুৰবাৰে 250 টা ঘৰৰ মানুহৰ মাজত বিতৰণ কৰা হয় খাদ্য সামগ্ৰী । আনন্দ মোহন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে মুখ্য অতিথি ৰূপে নাজিৰা বিধানসভা সমষ্টিৰ বিধায়কৰ তথা অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া।
ইয়াৰ উপৰি যোৰহাট টিয়কৰ উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষীকান্ত মহন্ত,শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহম্মদ হকিকুৰ ৰহমান,আজমল ফাউণ্ডেছনৰ প্ৰতিনিধি মহম্মদ আবাল হুছেইনও উপস্থিত থাকে ।
উল্লেখ্য যে,আজমল ফাউণ্ডেছনৰ উদ্যোগত এতিয়ালৈকে বৃহৎ সংখ্যক শিক্ষাৰ্থীৰ অধ্যয়নৰ খৰচ বহন কৰাৰ লগতে 22 হাজাৰ মহিলাক কর্ম সংস্থাপন, 51 হাজাৰ নিবনুৱাক সংস্থাপনৰ সুবিধা আৰু প্রায় 28 লাখ দৰিদ্র লোকক আর্থিক তথা খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে ।
সাংবাদিক মণিৰুল ইছলাম বড়াই আঁত ধৰা অনুষ্ঠানটোত শংকৰ আজানৰ দেশত সম্প্ৰতিৰ নিদৰ্শন হেতু জাতি,ধর্ম,বৰ্ণ, নিৰ্বিশেষে মানৱ সেৱাক শ্ৰেষ্ঠ ধর্ম উদ্দেশ্য কৰি এখন তফছীৰুল কুৰাণ আৰু এখন শ্রীমদ্ভাগৱত প্রদান কৰা হয় উমৈহতীয়া ধর্ম্বালম্বীৰ দুজন লোকক।
লগতে পঢ়কঃ সমস্যা সমাধানৰ দাবীৰে ৰঙাপৰাত চি পি আই (এম)ৰ প্ৰতিবাদ