শিৱসাগৰ, 20 মাৰ্চ: শিৱসাগৰ জিলাৰ জলসিঞ্চন বিভাগৰ বিৰুদ্ধে উত্থাপন হৈছে অনিয়ম আৰু চৰকাৰী নীতি উলংঘনৰ অভিযোগ। শিৱসাগৰ জিলাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। চৰকাৰী ভৱনৰ নীতিবৰ্হিভূত ব্যৱহাৰ কৰা আৰু ভাড়া সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে ।
শিৱসাগৰ নগৰৰ দৰবাৰ খেল পথাৰৰ সমীপতে আছে শিৱসাগৰ জিলাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় । কাৰ্যালয়ৰ গাতে লাগি আছে বিভাগটোৰ চৰকাৰী ভৱন । কিন্তু এই ভৱন সমূহ এতিয়া ৰূপান্তৰিত হৈছে ভাড়াতীয়া গুডামলৈ । চৰকাৰী ভৱন সমূহ তথা কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় সমূহ কিদৰে ভাড়া ঘৰলৈ পৰিণত হ’ল তাক লৈ উঠিছে প্ৰশ্ন ? এই চৰকাৰী ভৱন সমূহ ভাড়ালৈ দিয়া হৈছে উত্তৰ প্ৰদেশৰ এনভাইৰণমেণ্টেল টেক্ন নামৰ এক ঠিকাদাৰী প্ৰতিষ্ঠানক ।
এই প্ৰতিষ্ঠানে অসম চৰকাৰৰ কৃষি বিভাগৰ অন্তৰ্গত জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনিৰ প্ৰকল্প স্থাপনৰ ঠিকা লাভ কৰিছে শিৱসাগৰ আৰু চৰাইদেও জিলাত । ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ মুঠ 340 টা স্থানত সৌৰশক্তি চালিত পথাৰ পানী যোগান প্ৰকল্প স্থাপন কৰাৰ কাম কৰি আছে ।
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিত 100 টা,সোণাৰী সমষ্টিত 100 টা মুঠ 200 টা আনহাতে শিৱসাগৰ জিলাৰ শিৱসাগৰ সমষ্টিত 50 টা আৰু থাওৰা সমষ্টিত 90 টা ৷ মুঠ 340 টা স্থানত পানী যোগান প্ৰকল্প স্থাপনৰ ঠিকা লাভ কৰিছে উত্তৰ প্ৰদেশৰ এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে। বহু শ কোটি টকাৰ ঠিকা লাভ কৰা এই প্ৰতিষ্ঠানে প্ৰকল্প স্থাপনত প্ৰয়োজনীয় পাইপ,সৌৰফলি,মেচিন,বেণ্টানাইডৰ দৰে ৰাসায়নিক পদাৰ্থ মজুতৰ বাবে নিজাববীয়াকৈ গুডাম ঘৰ ল’ব লাগে যদিও শিৱসাগৰ জলসিঞ্চন বিভাগৰ কৃপাত দৰবাৰ খেলপথাৰৰ সমীপৰ কাৰ্যালয়ৰ চৰকাৰী ভৱনতে স্থাপন কৰিছে গুডাম। বিভাগৰ মুঠ তিনিটা চৰকাৰী ভৱন উত্তৰ প্ৰদেশৰ ঠিকাদাৰী প্ৰতিষ্ঠানক বিভাগে গুডাম আৰু শ্ৰমিক ৰখা ঘৰ ৰূপে ব্যৱহাৰৰ অনুমতি দিছে ।
ইয়াৰ বাবে নীতি বৰ্হিভূতভাৱে বিভাগে উক্ত প্ৰতিষ্ঠানৰ পৰা গুডামৰ বাবদ 15,000 টকা আৰু প্ৰতিজন শ্ৰমিক থকাৰ বাবদ 100 টকা মাহে সংগ্ৰহ কৰি আহিছে । য'ত চৰকাৰী বিভাগৰ এটা নিজা গুডাম আছে,তাত এটা ব্যক্তিগত প্ৰতিষ্ঠানক কিদৰে চৰকাৰী ভৱন গুডাম ভাড়া দিব পাৰে সেই লৈ অভিযোগ উঠিছে। আনহাতে কাষত চৰকাৰী আৱাস থকাৰ পাছতো বেণ্টানাইডৰ দৰে বিষাক্ত ৰাসায়নিক পদাৰ্থ মজুত কৰিছে ঠিকাদাৰী প্ৰতিষ্ঠানে ৷