শিৱসাগৰ, 5 অক্টোবৰ : বৃহস্পতিবাৰে শিৱসাগৰত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ, আয়ুষ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ শিৱসাগৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাগ লয় ঐতিসাহিক শিৱ দৌলৰ পূজা-অৰ্চনাত ৷ শিৱসাগৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সহযোগ কৰে অসম চৰকাৰৰ ৰাজহ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সুশান্ত বৰগোঁহাই, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা বিজেপিৰ সভাপতি ময়ুৰ বৰগোঁহাইৰ লগতে বহু নেতা কৰ্মীয়ে ৷
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে কেদাৰনাথ কৰিড'ৰৰ শুভাৰম্ভণি কৰাৰ লগতে আদিগুৰু শংকৰাচাৰ্যৰ সমাধিক্ষেত্ৰত আৱক্ষ মূৰ্তিৰ শুভ উন্মোচন কৰে । এই উপলক্ষে দেশৰ মুঠ ৮৬ টা স্থানত মঠ-মন্দিৰত পূজা-অৰ্চনা কৰা হয় ৷ ইয়াৰ অংশস্বৰূপে শিৱসাগৰৰ শিৱ দৌলতো কৰা হয় পূজা-অৰ্চনা ৷
![Central Minister Sarbananda Sonowal reached in sivsagar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13550655_siv.jpg)
এই অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ, আয়ুষ মন্ত্ৰণালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
![Central Minister Sarbananda Sonowal reached in sivsagar](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13550655_siv2.jpg)
ঐতিসাহিক শিৱ দৌলৰ প্ৰাংগণৰ পৰাই ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ভাগ লয় প্ৰধানমন্ত্ৰীৰ সমগ্ৰ কাৰ্যসূচীত । এই কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ঐতিহাসিক শিৱ দৌলত অনুষ্ঠিত কৰা পূজা অৰ্চনা অনুষ্ঠানত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে, ‘ভক্তি ভাবেৰে অনুপ্ৰাণিত হৈ মানৱতা আৰু মানৱীয়তা প্ৰমূল্য জীয়াই ৰখাটো অতি প্ৰয়োজনীয় । ভক্তি ভাৱৰ পৰাই সমাজত শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে সমাজৰ শ্ৰীবৃদ্ধি হয়’ ।
লগতে পঢ়ক : কি কি নতুন সিদ্ধান্ত ল’লে ৰাজ্যিক কেবিনেটে ?