ETV Bharat / city

BIR PANGRAO AWARD: মন্ত্ৰী যোগেন মহনলৈ 2022 বৰ্ষৰ বীৰ পাংৰাও বঁটা প্ৰদান

বীৰ পাংৰাও মৈডাম আৰু বীৰ পাংৰাও ক্ষেত্ৰৰ বাবে মুঠ ৯ বিঘা মাটি হস্তান্তৰৰ ঘোষণা কেবিনেট মন্ত্ৰী যোগেন মহনৰ (Jogen Mohan conferred Bir Pangrao Award) ৷ পাংৰাও ক্ষেত্ৰক পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ কথা জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

author img

By

Published : Jan 31, 2022, 3:46 PM IST

cabinet-minister-jogen-mohan-conferred-veer-panrao-award
কেবিনেট মন্ত্ৰী যোগেন মহনক বীৰ পাংৰাও বঁটা প্ৰদান

শিৱসাগৰ, 31 জানুৱাৰী : শিৱসাগৰ জিলাৰ আমগুৰিত দেওবাৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা টেঙাই মহনৰ পৰিনাতি যোগেন মহনক বীৰ পাংৰাও বঁটা(Jogen Mohan conferred Bir Pangrao Award) প্ৰদান কৰা হয় । আমগুৰিৰ লালিম চাপৰিত অৱস্থিত বীৰ পাংৰাও ক্ষেত্ৰত আয়োজিত বৃহত্তৰ আমগুৰি কেন্দ্ৰীয় মে-ডাম-মে-ফী অনুষ্ঠানত কেবিনেট মন্ত্ৰীগৰাকীক প্ৰদান কৰা হয় এই বঁটা । এখন চেলেং চাদৰ, ফুলাম গামোচা, হেংদাং, স্মাৰক, সঁফুৰা, সম্বৰ্ধনা পত্ৰৰে মন্ত্ৰীগৰাকীক বীৰ পাঙৰাও বঁটা প্ৰদান কৰে উদযাপন সমিতিয়ে ।

Cabinet Minister Yogen Mahan conferred veer panrao award

উক্ত অনুষ্ঠানত বীৰ পাংৰাও বঁটাপ্ৰাপক যোগেন মহনে বীৰ পাংৰাও মৈডামৰ বাবে ১ বিঘা আৰু বীৰ পাংৰাও ক্ষেত্ৰৰ বাবে ৮ বিঘাকে ধৰি সৰ্বমুঠ ৯ বিঘা মাটি হস্তান্তৰ কৰিব বুলি ঘোষণা কৰে । তেওঁ পাংৰাও ক্ষেত্ৰক পৰ্যটন ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ কথা জানিবলৈ দিয়াৰ লগতে ৰাজ্য চৰকাৰে এইবাৰ বাজেটত শীঘ্ৰে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰে ।

উল্লেখ্য যে, আমগুৰিৰ লালিম চাপৰিত টাই আহোম জনগোষ্ঠীৰ পিতৃ-পুৰুষসকলক ৰাজহুৱাভাৱে স্মৰণ কৰাৰ অন্যতম বছেৰেকীয়া পৰম্পৰা মে-ডাম-মে-ফী আৰু বীৰ পাংৰাও বঁটা প্ৰদান অনুষ্ঠান পাঁচদিনীয়া কাৰ্যসূচীৰে বীৰ পাংৰাও ক্ষেত্ৰত অনুষ্ঠিত হয় ৷ টাই-আহোম যুৱ পৰিষদ আৰু কুম কুন খাও ফু ৰা লুঙ অসমৰ উদ্যোগত আয়োজিত অনুষ্ঠানত টাই ধৰ্মীয় নৃত্য-গীতৰ লগতে কণ্ঠশিল্পী মানস ৰবীনক সম্বৰ্ধনা জনোৱা হয় ।

টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে উদ্বোধন কৰা সভাত টাই পণ্ডিত পদ্ম চাঙবুন ফুকনৰ টাই গ্ৰন্থ পাঙৰাও উন্মোচন কৰে শিক্ষাবিদ যোগেশ কিশোৰ ফুকনে । উদযাপন সমিতিৰ সভাপতি শিক্ষাবিদ বুদ্ধেশ্বৰ শেনচোৱাই পৌৰাহিত্য কৰা বঁটা প্ৰদান কৰা অনুষ্ঠানত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতিৰ লগতে উপ-সভাপতি মৃদুল বাইলুং ফুকন, কেন্দ্ৰীয় সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোঁহাই, কণ্ঠশিল্পী মানস ৰবীন, যুৱ সমাজকৰ্মী মানস প্ৰতীম গগৈ উপস্থিত থাকে ।

লগতে পঢ়ক : RSS প্ৰধান মোহন ভাগৱতক সাক্ষাৎ কৰাৰ বাবে শিলচৰত উপস্থিত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.