ETV Bharat / city

অনিয়মীয়া বিদ্যুৎ সেৱাৰ বিৰুদ্ধে আছুৰ বিক্ষোভ কাৰ্যসূচী

author img

By

Published : Aug 3, 2021, 5:22 PM IST

অনিয়মীয়া বিদ্যুৎ সেৱাক লৈ শিৱসাগৰত শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ৷ শিৱসাগৰ নগৰৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বিভিন্ন ধৰ্ণা দি পৰিৱেশ উত্তাল কৰি তোলে ছাত্ৰ সন্থাৰ সদস্যসকলে ৷

ASSU protest Against Power Department For Electricity Supply At Sivasagar
অনিয়মীয়া বিদ্যুৎ সেৱাৰ বিৰুদ্ধে শিৱসাগৰত আছুৰ বিক্ষোভ কাৰ্যসূচী

শিৱসাগৰ, 3 আগষ্ট : ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যুৎ যোগানৰ লুকা-ভাকুত অতিষ্ঠ হৈ পৰিছে ৰাইজ (Public)। বিদ্যুৎ বিভাগৰ সংস্কাৰৰ নামত চৰকাৰে ৰাইজৰ পৰা জোৰ-জুলুমকৈ বিদ্যুৎ মাচুল গ্ৰহণ কৰিছে সঁচা ৷ কিন্তু ইয়াৰ বিপৰীতে যোগান ধৰিব পৰা নাই নিয়মীয়া বিদ্যুৎ সেৱা। শক্তি বিভাগৰ এনে ব্যৰ্থতাৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন প্ৰান্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিদ্যুৎ গ্ৰাহকসকলে ৷

সমান্তৰালকৈ অনিয়মীয়া বিদ্যুৎ সেৱা যোগান ধৰাক লৈ বিভাগৰ বিৰুদ্ধে মঙলবাৰে শিৱসাগৰ জিলা (Sivasagar District) ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা (Sivasagar ASSU)ৰ সদস্যসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । শিৱসাগৰ নগৰত প্ৰতিবাদী ৰেলী (Rally) উলিয়াই ছাত্ৰ সন্থাৰ কৰ্মীসকলে শিৱসাগৰ নগৰৰ বিদ্যুৎ বিভাগ (Power Department)ৰ কাৰ্যালয়ত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।

লগতে পঢ়ক - আমছুত সংঘাত : এমাহৰ পিছত নাথাকিব নেকি ৰেজাউল কৰিমৰ আমছু ?

শক্তি বিভাগৰ ব্যৰ্থতাৰ অভিযোগ তুলি শক্তি বিভাগ হায় হায়, শক্তি মন্ত্ৰী বিমল বৰা (Power Minister Bimal Bora)ৰ কাম নাই আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ নিৰ্বাচনৰ সময়ত পূৰ্বৰ বিজেপি নেতাসকলে বিদ্যুৎ বিল ৰেহাই, মাইক্ৰ’ফাইনেঞ্চ (Microfinance)ৰ ঋণ ইত্যাদি বিভিন্ন প্ৰতিশ্ৰুতি দিছিল যদিও সেইবোৰ সকলো মিছা ৷ মিছা প্ৰতিশ্ৰুতিৰে দিছপুৰৰ গাদী দখল কৰিছে বুলি বৰ্তমানৰ বিজেপি মিত্ৰজোঁট চৰকাৰক তীব্ৰ সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ৷

পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি অনতিপলমে ৰাইজক সুলভ বিদ্যুৎ যোগানৰ দাবী উত্থাপন কৰে ছাত্ৰ সন্থাই । লগতে বিভাগটোৰ আঁসোৱাহসমূহ দূৰ কৰি ৰাইজ উপকৃত হ'ব পৰাকৈ বিভাগটোক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে ছাত্ৰ সন্থাৰ সদস্যসকলে । যদি এই দাবী পূৰণ নকৰে, তেনেহ'লে অনাগত দিনত জংগী আন্দোলন (protest) গঢ়ি তুলিব বুলি সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক -মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি প্ৰদানৰ দাবী মিচিং সাহিত্য সভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.