শিৱসাগৰ, 8 ডিচেম্বৰঃ শিৱসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পিতৃ-কন্যাৰ অভিনৱ প্ৰতিবাদ ৷ 'কা' আন্দোলনত ছহিদ হোৱা 5 টা পৰিয়ালক ন্যায় প্ৰদান ,অখিল গগৈৰ মুক্তি আৰু কৃষি আইন বাতিল কৰাৰ দাবীত আজি শিৱসাগৰৰ জেঙণিকটীয়াৰ ৩৭ নং ঘাই পথত এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷
চৰকাৰে যেতিয়া প্ৰতিবাদৰ ভাষা নুবুজে, তেতিয়াই সলনি হয় প্ৰতিবাদৰ ৰূপ। সলনি হয় প্ৰতিবাদৰ সংজ্ঞা। আজি শিৱসাগৰত দেখা গ'ল তেনে এক ব্যতিক্ৰমী দৃশ্য । বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে নিৰিহ জনতাৰ ওপৰত কৰি অহা অনিয়ম আৰু অত্যাচাৰৰ বিৰুদ্ধে ৰাজপথত পাঁচ বছৰীয়া কন্যা সন্তানৰ সৈতে প্ৰতিবাদত বহিল এজন পিতৃ। শিৱসাগৰৰ আখৈফুটীয়াৰ অৰুণ বৰা নামৰ লোকজনে নিজৰ পাঁচ বছৰীয়া কন্যাৰ সৈতে জেঙণিকটীয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰে ৷
প্ৰতিবাদকাৰী অৰুণ বৰাই 'কা' আন্দোলনত পাঁচ গৰাকী শ্বহীদৰ স্মৃতিত পাঁচগছি চাকি জ্বলাই, সেই শ্বহীদ সকলক উচিত মৰ্যাদা আৰু পৰিয়াল কেইটাক উচিত ক্ষতিপূৰণ প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়। ভাৰত বন্ধ তথা কৃষক আন্দোলনক সমৰ্থন কৰি এই প্ৰতিবাদৰ জড়িয়তে সংশোধীত কৃষক আইন বাতিলৰ লগতে অখিল গগৈৰ মুক্তিৰ দাবী জনাইছে পিতৃ আৰু কন্যাই।
ইফালে অতি শীঘ্ৰে উক্ত দাবী কেইটা পূৰণ কৰিবলৈ চৰকাৰক দাবী জনাইছে পিতৃ-কন্যাই । আনহাতে, শিৱসাগৰ আৰক্ষীয়ে দুই পিতৃ-কন্যাক আটক কৰি শিৱসাগৰ সদৰ থানালৈ লৈ যায় ।
লগতে পঢ়ক- শিৱসাগৰত টায়াৰ জ্বলাই যাতায়ত ব্যাহতৰ চেষ্টা ভাৰত বন্ধ সমৰ্থকৰ