ETV Bharat / city

আৰক্ষীৰ জালত গাওঁৰক্ষী বাহিনীৰ উপ সভাপতিসহ পাঁচ চোৰ - পানীৰ পাম্প চুৰি কৰি ৰঙাঘৰৰ আলহী হ’ল গাঁওৰক্ষীবাহিনীৰ উপসভাপতি

শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষীৰ জালত পৰিছে এটা চোৰৰ দল । চোৰৰ দলটোক নেতৃত্ব দিছে গাঁওৰক্ষী বাহিনীৰ উপ সভাপতি তথা অসম জাতীয় পৰিষদৰ স্থানীয় নেতাই । সম্প্ৰতি আমগুৰি আৰক্ষীৰ জালত চোৰৰ দলটো ৷

arrested water pump thief at amguri
আমগুৰিত সৰিয়হৰ ডুলিতে ওলাইছে ভূত
author img

By

Published : Aug 22, 2021, 11:05 AM IST

আমগুৰি, 22 আগষ্ট : আজৱ অসমৰ আজৱ কাণ্ড ৷ সৰিয়হৰ ডুলিতে ওলাইছে ভূত ৷ প্ৰহৰীয়ে কৰিছে গৰাকীৰ তলি উদং ৷ ঘটনাৰ স্থান আমগুৰি ৷ গাঁওৰক্ষী বাহিনীৰ এগৰাকী উপ সভাপতি এতিয়া জড়িত চুৰিকৰ্মত ৷ গাঁৱক সুৰক্ষা দিয়াৰ নামত চাফাই অভিযানৰ দায়িত্ব লৈছে তেওঁ ৷ অৱশেষত যেনিবা সকলো কথা পোহৰলৈ আহিল ৷ পৰিণাম ? সম্প্ৰতি আৰক্ষীয়ে চুৰিৰ অভিযোগত আটক কৰিছে ব্যক্তিগৰাকীক ৷

ঘটনাৰ বিৱৰণী অনুসৰি, আমগুৰিৰ চাউদাং গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ উপ সভাপতি অভিনৱ গগৈ অসম জাতীয় পৰিষদৰ এগৰাকী স্থানীয় নেতা ৷ অভিনৱৰ লগতে আটক কৰা হৈছে আন চাৰিগৰাকী সদস্য ৷ ২০ আগষ্টৰ নিশা আমগুৰি থানাৰ অন্তৰ্গত জালুকগাঁৱৰ জ্যোতি ষ্টীল ফেব্ৰিকেশ্বন নামৰ প্ৰতিষ্ঠানখনৰ পৰা এটা পানীৰ পাম্প চুৰি হয় । প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী পিংকু বৰুৱাই এই সন্দৰ্ভত স্থানীয় জালুকগাঁও গাঁওৰক্ষী বাহিনীক অৱগত কৰে । তাৰ পাচতেই গাঁওৰক্ষী বাহিনীয়ে আৰম্ভ কৰে অনুসন্ধান ৷

লগতে পঢ়ক: তালিবানৰ সমৰ্থনত ফেচবুকত লিখা-মেলা কৰি ৰঙা ঘৰৰ আলহী হ’ল সাংবাদিক

ইয়াৰ পিছতে আমগুৰি থানাত প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে ঘটনা সংক্ৰান্তত দাখিল কৰে এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত চলাই আটক কৰে তিনিটাকৈ চোৰক ৷ আটকাধীন তিনিটা চোৰ ক্ৰমে জাঁজী চাওদাং গাঁৱৰ সদানন্দ গগৈৰ পুত্ৰ সমীৰণ গগৈ, খগেন গগৈৰ পুত্ৰ অভিনৱ গগৈ আৰু প্ৰয়াত বিমল গগৈৰ পুত্ৰ বিজিত গগৈ । আৰক্ষীয়ে দলটোৰ স্বীকাৰোক্তিৰ ভিত্তিত নিশাৰ ভিতৰতে দুটা চুৰি পাম্প যোৰহাট জিলাৰ খাৰঘৰীয়া আৰু তামুলীছিগাৰ পৰা জব্দ কৰে ৷ লগতে চুৰি পাম্প ক্ৰয় কৰা দুজন যুৱকক আটক কৰে ।

লগতে পঢ়ক: অৱশেষত আটক হ’ল সৰুপথাৰৰ পেট্ৰল পাম্পৰ ডকাইটি কাণ্ডৰ চাৰি অভিযুক্ত

আটকাধীন যুৱক দুজন ক্ৰমে তামুলীছিগাৰ দুলীয়া গাঁৱৰ অজিত গগৈৰ পুত্ৰ নৱজ্যোতি গগৈ ওৰফে মণ্টু আৰু খাৰঘৰীয়াৰ হৰেশ্বৰ শইকীয়াৰ পুত্ৰ ভাস্কৰ শইকীয়া ৷ উল্লেখ্য যে, চোৰৰ দলটোৰ অন্যতম সদস্য অভিনৱ গগৈ জাঁজী চাউদাং গাঁৱৰ গাঁও‍ৰক্ষী বাহিনীৰ উপ সভাপতি পদত ন্যস্ত থকাৰ লগতে অসম জাতীয় পৰিষদৰ এগৰাকী স্থানীয় নেতা । আৰক্ষীয়ে ইতিমধ্যে ৮৪/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক: পাৰপত্ৰ প্ৰদানৰ দাবীত AJYCP ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.