ETV Bharat / city

ক'ভিড-১৯ ত আক্ৰান্ত হৈ SBI ৰ এগৰাকী বিষয়াৰ বিয়োগ - amch

আমগুৰিৰ ভাৰতীয় ষ্টেট বেংকৰ মুখ্য গাণনিক বিষয়া প্ৰশান্ত বৰাৰ ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৷ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুক সাৱটি লয় বিষয়াগৰাকীয়ে ৷ বিষয়াগৰাকীৰ পত্নীও ক’ভিড-19 আক্ৰান্ত হৈ আছে ৷ মুখ্য গাণনিক বিষয়া প্ৰশান্ত বৰাৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে ৷

ক'ভিড-১৯ ত আক্রান্ত হৈ SBI বিষয়াৰ মৃত্যু

author img

By

Published : May 4, 2021, 6:06 PM IST

Updated : May 4, 2021, 6:50 PM IST

আমগুৰি,4 মে’: ভাৰতীয় ষ্টেট বেংকৰ আমগুৰি শাখাৰ মুখ্য গাণনিক বিষয়াগৰাকী ক'ভিড-১৯ ত আক্ৰান্ত হৈ মঙলবাৰে বিয়লি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যুক সাৱটি লয় ৷ মৃত্যুৰ সময়ত বিষয়াগৰাকীৰ বয়স আছিল ৫৫ বছৰ ৷

ক'ভিড-১৯ ত আক্রান্ত হৈ SBI বিষয়াৰ মৃত্যু

উল্লেখ্য যে , ভাৰতীয় ষ্টেট বেংকৰ আমগুৰি শাখাৰ তিনিজনকৈ কৰ্মচাৰীৰ দেহত ক'ভিডৰ লক্ষণ ধৰা পৰাত কাৰ্যালয়টো অনিৰ্দিষ্টকাললৈ বন্ধ কৰি দিয়া হৈছিল ৷ মৃত বিষয়াগৰাকীৰ ঘৰ টীয়কৰ লাদৈগড়ত ৷ উল্লেখ্য যে, বিষয়াগৰাকীৰ পত্নীও ক’ভিড-19 ত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

বিগত বহুদিন ধৰি মুখ্য গাণনিক বিষয়া গৰাকীয়ে আমগুৰিতে আছিল ভাড়াঘৰত ৷ বিষয়া গৰাকীৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : পুনৰ মমতা দিদিৰ কান্ধত পশ্চিমবংগৰ শাসনভাৰ

Last Updated : May 4, 2021, 6:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.