ETV Bharat / city

আমগুৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Nov 7, 2020, 2:15 PM IST

আমগুৰিত ডিঙিত আলু পিয়াঁজৰ মালা পিন্ধি, কাঁহী-বাটি বজাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সন্থাৰ সদস্য সকলে ৷

aasu-protest-at-amguri
আমগুৰিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

আমগুৰি, ৭ নৱেম্বৰঃ অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ আকাশলংঘী মূল্যবৃদ্ধি বৃদ্ধি হোৱাৰ বিৰুদ্ধে আমগুৰিত আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকলে শনিবাৰে এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে l

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো হোৰাহোৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য ৷ ইতিমধ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ আমগুৰিতো ছাত্ৰ সন্থাৰ সদস্য সকলে চৰকাৰ তথা যোগান মন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ইফালে প্ৰতিবাদকাৰী সকলে কাঁহী-বাটি বজাই আৰু আলু-পিয়াঁজৰ মালা পিন্ধি ৰাজপথ উত্তাল কৰি তোলে ৷ ইফালে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, বিজেপি চৰকাৰখনে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা কৰা নাই বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে ।

লগতে, অসম চৰকাৰ হায় হায়, যোগান মন্ত্ৰীৰ কাম নাই, যোগান মন্ত্ৰী হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক,বিজেপি চৰকাৰ মূৰ্দাবাদ আদি বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে। অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ তথা যোগান মন্ত্ৰীক দাবী জনাইছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক-আৰক্ষীক আক্ৰমণৰ অভিযোগত আটক দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.