শিৱসাগৰ, 15 মাৰ্চ : শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হৈছে ষষ্ঠ উত্তৰ-পূৱ ভাৰত কুংফু এণ্ড কিক্ বক্সিং চেম্পিয়শশ্বিপ ৷ উত্তৰ-পূৱ ভাৰতৰ পাঁচখন ৰাজ্যই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত প্ৰায় 250 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ মুঠ 28 টা ওজন শিতানত অনুষ্ঠিত এই প্ৰতিযোগিতাত একক আৰু দলীয়ৰ পাঁচটা ষ্টাইলত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷
শিৱসাগৰৰ আন্তঃৰাষ্ট্ৰীয় কুংফু আৰু কিক্ বক্সিং একাডেমিয়ে আয়োজন কৰা উত্তৰ-পূৱ ভিত্তিৰ প্ৰতিযোগিতাখনত সহযোগিতা প্ৰদান কৰিছে সদৌ ভাৰত কুংফু ফেডাৰেচনে ৷ এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে 'টাওলু' ষ্টাইলৰ দলীয় শাখাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৷
উল্লেখযোগ্য যে, এই প্ৰতিযোগিতাত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা খেলুৱৈসকলে আগন্তুক দিনত ভূটানত অনুষ্ঠিত হ'বলগীয়া দক্ষিণ এছিয়া প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হ'ব ৷
আৰু পঢ়ক : "সৱল হওঁক আৰু COVID-19 ৰ বিৰুদ্ধে যুঁজ দিয়ক" : বিৰাট কোহলী