ETV Bharat / city

শিৱসাগৰত কৰ’ণাত আক্ৰান্তৰ সংখ্যা 127 জনলৈ বৃদ্ধি - হেণ্ড চেনিটাইজ

শিৱসাগৰ জিলাত ক'ভিড-19 আক্ৰান্ত লোকৰ সংখ্যাই শতকৰ দেওনা পাৰ কৰে ৷ অর্নিদিষ্ট সময়লৈ সকলো চৰকাৰী, বে-চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধৰ ঘোষণা জিলা প্ৰশাসনৰ ৷

ক’ভিড-19 : শিৱসাগৰত 127 জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

author img

By

Published : Apr 20, 2021, 9:03 PM IST

শিৱসাগৰ,20 এপ্ৰিল: ৰাজ্য়ৰ লগতে শিৱসাগৰ জিলাতো ভয়ানকভাৱে বৃদ্ধি পাইছে ক’ভিড-19 ত আক্ৰান্তৰ সংখ্য়া ৷ মঙলবাৰৰ দিনটোত 127 জনলৈ বৃদ্ধি পালে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ 26 জন ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বাবে ঘৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জিলাখনৰ স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ৷

ইতিমধ্যে জিলা প্ৰশাসনে বুধবাৰৰ পৰা শিৱসাগৰৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ পৰা পঞ্চম শ্রেণীলৈ পাঠদান বন্ধ কৰাৰ নিৰ্দেশ দিছে । যিহেতু শিৱসাগৰ জিলা প্ৰশাসনে ১৪৪ ধাৰা প্ৰয়োগ কৰিছে, লগতে সামাজিক স্থানত মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক কৰিছে ।

ক’ভিড-19 : শিৱসাগৰত 127 জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

ইয়াৰ উপৰিও সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈ আহ্বান জনাইছে ৷ প্ৰতিখন বিপণীত গ্রাহকৰ ভীৰ নিয়ন্ত্ৰণ কৰাৰ লগতে হেণ্ড চেনিটাইজ বা চাবোনেৰে হাত ধোৱা কাৰ্যত প্ৰশাসনে গুৰুত্ব আৰোপ কৰিছে ৷

লগতে পঢ়ক : উত্তপ্ত পৰিস্থিতি: ডবকা টোলগেট ঘেৰাও গাড়ী চালকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.