ETV Bharat / city

অনলাইল পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ

author img

By

Published : Apr 5, 2021, 5:07 PM IST

ছাত্ৰ-ছাত্ৰীৰ আন্দোলনত স্তব্ধ সমগ্ৰ শিলচৰ চহৰ ৷ অনলাইন পৰীক্ষাৰ দাবীত শিলচৰ পথ অবৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন বৰাকৰ বিভিন্ন কলেজৰ শ শ ছাত্ৰ-ছাত্ৰীৰ ৷

অনলাইল পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ
অনলাইল পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবীৰে উত্তাল প্ৰতিবাদ

শিলচৰ, 5 এপ্ৰিল: ছাত্ৰ-ছাত্ৰীৰ আন্দোলনত স্তব্ধ হৈ পৰিছে সমগ্ৰ শিলচৰ চহৰ ৷ অনলাইন পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ দাবীত শিলচৰ পথ অৱৰোধ কৰি বিক্ষোভ প্ৰদৰ্শন বৰাকৰ বিভিন্ন কলেজৰ শ শ ছাত্ৰ-ছাত্ৰীৰ ৷ চহৰৰ কেপিটেল পয়েন্ট আৰু ক্ষুধিৰাম বসুৰ প্ৰতিমূৰ্তিৰ সম্মুখত পথ অৱৰোধ কৰে ছাত্ৰ-ছাত্ৰী সকলে ৷

ছাত্ৰ-ছাত্ৰীৰ এই পথ অৱৰোধৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে সমগ্ৰ শিলচৰ চহৰত ৷ প্ৰায় তিনি ঘন্টা ধৰি চহৰৰ ৰাজপথত আৱদ্ধ হৈ পৰে শ শ যান-বাহন ৷ ফলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় সাধাৰণ ৰাইজৰ মাজত ৷

প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চিআৰপিএফ আৰু অসম আৰক্ষীৰ বিশাল বাহিনী মোতায়ন কৰিছে ৷ উল্লেখ্য যে, অহা ৮ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব স্নাতক পৰীক্ষা ৷ অফলাইন যোগে পৰীক্ষা হ’ব বুলি ঘোষণাৰ পাছতেই বৰাকৰ বিভিন্ন কলেজৰ ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷

উল্লেখ্য যে, অসম বিশ্ববিদ্যালয়ত এতিয়াও কৰ’ণাৰ বাবে অনলাইন যোগে পৰীক্ষা অনুষ্ঠিত হৈছে ৷

লগতে পঢ়ক: মুকলি আকাশৰ তললৈ আহিল কুইপ'ৰ বিষয়া ৰাম কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.