শিলচৰ, 3 অক্টোবৰ: ক্ৰমাৎ বাইক চুৰি চক্ৰৰ ঘাটি হৈ পৰিছে শিলচৰ চহৰ ৷ শাৰদীয় দুৰ্গাপূজাৰ প্ৰাকক্ষণত চহৰতখনত আৰক্ষীৰ অভিযানত পুনৰ জালত পৰিছে এটা বৃহৎ বাইক চুৰি চক্ৰ ৷ তথ্য অনুসৰি বুধবাৰে নিশা শিলচৰ আশ্ৰম ৰোডত অভিযান চলাই শিলচৰ আৰক্ষীয়ে আটক কৰে 6জনীয়া এটা বৃহৎ বাইত চুৰি গেং ৷ লগতে উদ্ধাৰ কৰে 7খনকৈ বাইকসহ এখন স্কুটি ৷ প্ৰথমে আটক হোৱা বাইক চোৰ প্ৰদীপ দাস, ৰাহুল সৰকাৰ আৰু অমিত দাসক সোধা-পোছাৰ অন্তত আৰক্ষীয়ে চহৰখনৰ নিয়াৰগ্ৰাম, আৰকাটিপুৰ, সোনাবাড়ীঘাট আৰু মধুৰবন্ধত পুনৰ অভিযান চলাই,য'ত 6 খন বাইকসহ আৰক্ষীৰ হাতত আটক হয় আমীৰ হুচেইন, সাব্বিৰ আহমেদ আৰু নাজিৰ হুচেইন নামৰ আন তিনিটা বাইক চোৰ ৷
উদ্ধাৰ হোৱা এই 7 খন বাইক কাছাৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা চুৰি কৰা হৈছিল ৷ অধিক তথ্য উদঘাটনৰ বাবে আৰক্ষীয়ে বৰ্তমানে বাইক চোৰ কেইজনক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য যে যি সময়ত শিলচৰ চহৰত অপৰাধমূলক কার্যকলাপ ব্যাপক হাৰত বৃদ্ধি পাইছে তেনেসময়তে কাছাৰ পুলিচৰ দ্বাৰা এক বৃহৎ বাইক চুৰি চক্ৰ উৎখাত হোৱা ঘটনা এক বৃহৎ সফলতা ৰূপে বিবেচিত হৈছে ৷