শিলচৰ, 6 আগষ্ট : কোভিড-19ৰ পৰা আৰোগ্য লাভ কৰে আমিনুল হক লস্কৰে ৷ শিলচৰ মেডিকেল কলেজৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ ৷ বিগত 28 জুলাইত কোভিড-19ত আক্ৰান্ত হৈছিল লস্কৰ ৷ অৱশেষত কোভিড-19ৰ চিকিৎসাৰ অন্তত আৰোগ্য লাভ কৰে লস্কৰে ৷ লস্কৰৰ চিকিৎসাত প্লাজমা থেৰাপি ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ ফলতেই আৰোগ্য লাভ কৰে তেওঁ ৷ অৱশেষত বৃহস্পতিবাৰে আৰোগ্য লাভ কৰে শিলচৰ মেডিকেল কলেজৰ উপাধ্যক্ষগৰাকীয়ে ৷ ইতিমধ্যে তেওঁক নিজা ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু তাতেই তেওঁ কোৱাৰেন্টাইন হৈ থাকিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত হৈ মৃত্য়ুক সাৱটিলে এগৰাকী অভিযন্তাই