শিলচৰ, 12 জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও আৰু কাছাৰ কাগজ কল নিলামৰ প্ৰতিবাদত শিলচৰতো বিক্ষোভ প্ৰদৰ্শন কৰা হয় ৷ কাছাৰ জিলাৰ বিভিন্ন ট্ৰেড ইউনিয়নসহ দল সংগঠনে বিক্ষোভ প্ৰদৰ্শন কৰে ৷ শিলচৰৰ ক্ষুধিৰামৰ প্ৰতিমুৰ্তিৰ সমীপত শনিবাৰে পুৱা ভাগৰ পৰা হাতত প্লে’ কাৰ্ড লৈ বিভিন্ন শ্লোগানৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনসমূহে ৷ নগাঁও আৰু কাছাৰ কাগজ কল দুটা নিলামৰ বাবে যি জাননী জাৰি কৰা হৈছে তাক অনতিপলমে বাতিল কৰিব লাগে ৷ নগাঁও আৰু কাছাৰ কাগজ কলক ৰাজ্য চৰকাৰে ক্ৰয় কৰি পুনৰুজ্জীৱিত কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷
লগতে তেওঁলোকে কাগজ কলত নিয়োজিত কৰ্মচাৰী সকলৰ বকেয়া, দৰমহা শীঘ্ৰেই মোকলাই দিব লাগে বুলি দাবী কৰি দাবী সমূহ মানি লোৱা নল’লে পৰৱৰ্তী সময়ত আন্দোলন আৰু তীব্ৰভাৱে গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে বিক্ষোভকাৰীসকলে ৷ উল্লেখযোগ্য যে নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল দুটা হিন্দুস্তান পেপাৰ কৰ্প’ৰেচন লিমিটেডৰ দ্বাৰা পৰিচালিত পৰিচালিত হৈছিল ৷ অৰ্থনৈতিক দুৰাৱস্থাৰ বাবে কাছাৰ কাগজ কল 2015 চনত আৰু নগাঁও কাগজ কল 2017 চনত বন্ধ হৈ পৰে ৷
কাগজ কল দুটা বন্ধ হোৱাত নিয়োজিত কৰ্মচাৰী সকলে আৰ্থিক অনাটনৰ বাবে আত্মহত্যা কৰিব লগীয়া হৈছে ৷ 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি নেতৃত্বাধীন চৰকাৰে ক্ষমতাত পুনৰ আহিলে জাতীয় সম্পদ হিচাবে পৰিগণিত হোৱা কাগজ কল দুটাৰ পুনৰ কাৰ্যক্ষম কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু কাগজ কল দুটাক নিলাম কৰাৰ বিজ্ঞাপন ওলোৱাৰ পাছতেই সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিগত দিন সমূগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনৰ লগতে শ্ৰমিক সংগঠনবোৰেও প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : বৰহোলা আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক এজন