বদৰপুৰ,18 জানুৱাৰীঃ অসম চৰকাৰৰ অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ উদ্যোগত শনিবাৰে বদৰপুৰত অনুষ্ঠিত হয় এক সজাগতামূলক কাৰ্যসূচী ৷ কিছুদিন পূৰ্বৰে পৰা অসমৰ প্ৰায় প্ৰতিখন জিলাতে চৰকাৰৰ উদ্যোগত বহুসংখ্যক যুৱক-যুৱতীক বিভিন্ন জৰুৰীকালীন পৰিস্থিতি সন্দৰ্ভত উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে ৷ প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীসকলে নিজ অঞ্চলত সজাগতা সৃষ্টিৰ অৰ্থে গ্ৰহণ কৰে এলানি কাৰ্যসূচী ৷
বদৰপুৰতো এনে এক দলে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত শনিবাৰে "ম’ক ড্ৰীল" শীৰ্ষক অনুষ্ঠান পৰিৱেশন কৰে ৷ অঞ্চলটোৰ প্ৰায় প্ৰতিখন বিদ্যালয়ত গ্ৰহণ কৰা হৈছে এনে কাৰ্যসূচী ৷ সেইসূত্ৰে স্থানীয় শ্ৰীগৌৰী হাইস্কুলত ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে অনুষ্ঠান প্ৰদৰ্শন কৰা হয় ৷ জুই লাগিলে কেনেকৈ নুমুৱাব পৰা যায়,কি কি সাৱধানতা অৱলম্বন কৰিব লাগে ইত্যাদিৰ বিষয়ে বিতংভাৱে প্ৰদৰ্শন কৰে দলটোৱে ৷ দলটোৰ উক্ত সজাগতামূলক কাৰ্যসূচীৰ বাবে ধন্যবাদ জ্ঞাপন কৰে বিদ্যালয়খনৰ শিক্ষকসকলে ৷
লগতে চাওকঃঅৰুণাচল প্ৰদেশৰ ছিজুচাত ‘পাকে পাগা’ উৎসৱ