ETV Bharat / city

কৌশিক ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ

author img

By

Published : Mar 26, 2021, 10:16 AM IST

লক্ষীপুৰৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰত উপস্থিত হয় মণিপুৰৰ মুখ্য়মন্ত্ৰী এন বিৰেন সিং ৷ মনিপুৰী সম্প্ৰদায়ৰ ৰাইজক বিজেপিক ভোট প্ৰদান কৰিবলৈ আহ্বান ৷

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ নিৰ্বাচনী প্ৰচাৰ

শিলচৰ,26 মাৰ্চঃ লক্ষীপুৰৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰয়ৰ হৈ নিৰ্বাচনী প্ৰচাৰত উপস্থিত হয় মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিং ৷ 25 মাৰ্চত লক্ষীপুৰ বিধানসভা সমষ্টিৰ বিন্নাকান্দিৰ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি লক্ষীপুৰৰ বিজেপি প্ৰাৰ্থী কৌশিক ৰয়ৰ হৈ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী এন বিৰেন সিঙে ৷ মুখ্যমন্ত্ৰীজনৰ লগত উপস্থিত আছিল মণিপুৰৰ এজন মন্ত্ৰী সহ দুজন বিধায়ক ৷

সভাখনত উপস্থিত আছিল শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰয় আৰু লক্ষীপুৰৰ প্ৰাক্তন বিধায়ক ৰাজদ্বীপ গোৱালা ৷ উল্লেখ্য যে, লক্ষীপুৰ সমষ্টিত প্ৰায় 22 হাজাৰ মণিপুৰী সম্প্ৰদায়ৰ ভোটাৰ আছে ৷ 22 হাজাৰ ভোটাৰক বিজেপিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ মণিপুৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে লক্ষীপুৰত উপস্থিত হৈ মণিপুৰী অঞ্চলত প্ৰচাৰ চলায় ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে বক্তব্যত অসমৰ বিজেপি চৰকাৰৰ গুণ গান গাই অসমৰ বিজেপি চৰকাৰক সহাঁৰি দি ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় সভাত উপস্থিত থকা মনিপুৰী সম্প্ৰদায়ৰ ৰাইজক ৷ "অসমত পুনৰ বিজেপি চৰকাৰ হ’ব এয়া নিশ্চিত ৷ অসমত বিজেপি চৰকাৰ হ'বলৈ হ'লে লক্ষীপুৰ সমষ্টিৰ মণিপুৰী সম্প্ৰদায়ৰ মানুহে বিজেপি প্ৰাৰ্থী কৌশিক ৰয়ক বিজয়ী কৰিব লাগিব" বুলি মন্তব্য কৰে এন বিৰেন সিঙে ৷

লগতে পঢ়কঃ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.