ETV Bharat / city

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম খোদিত বাইকাৰ বেদ প্ৰকাশৰ - ইণ্ডিয়া বুক অফ ৰেকৰ্ড

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত উজ্বলিল শিলচৰ তাৰাপুৰৰ বাইকাৰ বেদ প্ৰকাশ ৷ শিশুৰ সুৰক্ষা আৰু শিশু নিৰ্যাতন ৰোধৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা আনিবৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈ বাইকাৰ গৰাকীয়ে আৰম্ভ কৰিছিল সজাগতা অভিযান ৷

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম খোদিত বাইকাৰ বেদ প্ৰকাশৰ

author img

By

Published : May 25, 2021, 1:10 PM IST

Updated : May 25, 2021, 9:26 PM IST

শিলচৰ,25 মে’: কৰ’ণাৰ সন্ত্ৰাসৰ মাজতে আহিছে এটা ভাল খবৰ ৷ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে শিলচৰ তাৰাপুৰৰ বাইকাৰ বেদ প্ৰকাশে ৷ শিশুৰ সুৰক্ষা আৰু নিৰ্যাতন ৰোধৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা আনিবৰ বাবে বাইকাৰ গৰাকীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত বাইক চলাই আৰম্ভ কৰিছিল সজাগতা অভিযান ৷

উল্লেখ্য যে, শিশু সুৰক্ষাৰ সজাগতা প্ৰতিৰ লক্ষ্য ৰাখি এছিয়া মহাদেশত প্ৰথমবাৰৰ বাবে কম সময়ৰ ভিতৰত বাইকেৰে দীৰ্ঘতম সজাগতা অভিযান চলোৱা বাইকাৰ হিচাপে চিহ্নিত হৈছে বেদ প্ৰকাশ ৷ এই সজাগতা অভিযানত এজন বাইকাৰ হিচাপে বহু সমস্যাৰ সন্মুখীন হ’বলগাত পৰিছিল বাইকাৰ গৰাকী ৷

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম খোদিত বাইকাৰ বেদ প্ৰকাশৰ

বাইকাৰ গৰাকীয়ে এই সজাগতা অভিযানৰ পৰিকল্পনা কৰিছিল 2020 বৰ্ষৰ মাৰ্চ মাহত ৷ কিন্তু বিগত সময়ত কৰ’ণা মহামাৰীৰ বাবে এই অভিযান স্থগিত ৰাখিব লগাত পৰিছিল ৷ যাৰ বাবে তেওঁ আধাতে এই যাত্ৰা সামৰি দিল্লীত বাহৰ পাতিব লগাত পৰিছিল আৰু পৰৱৰ্তী সময়ত এই অভিযান কাৰ্যকৰী কৰিবলৈ সক্ষম হৈছিল ৷

বাইকাৰ গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, কৰ’ণা মহামাৰীৰ প্ৰকোপ কিছু হ্ৰাস পালে পুনৰ বাইক ৰাইডৰ জৰিয়তে শিশু সুৰক্ষা সম্পৰ্কীয় সজাগতা অভিযান আৰম্ভ কৰিব ৷ পুনৰ কম সময়ৰ ভিতৰত 21 খন দেশ বাইকৰ জৰিয়তে ভ্ৰমণ কৰিব বাইকাৰ গৰাকীয়ে ৷

লগতে পঢ়ক: য়াছৰ ফলত ওড়িশা-পশ্চিমবংগৰ সীমান্তত ভূমিস্খলনৰ সম্ভাৱনা

Last Updated : May 25, 2021, 9:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.