ETV Bharat / city

ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে আৰম্ভ ৰথযাত্ৰা

৪জুলাইৰ পৰা আৰম্ভ হ'ল ৰথযাত্ৰা । বিশ্বখ্যাত পুৰীৰ ৰথযাত্ৰাৰ সমান্তৰালকৈ ধুবুৰীৰ পৰা আৰম্ভ কৰি গুৱাহাটী,ডিমা হাছাও,শিলচৰ,কামৰূপ,কৰিমগঞ্জতো পালন কৰা হয় ৰথযাত্ৰা

author img

By

Published : Jul 7, 2019, 5:03 PM IST

ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে আৰম্ভ ৰথযাত্ৰা

নিউজ ডেস্ক,৫জুলাই : ঈশ্বৰ বন্দনাৰে মুখৰিত হ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্ত । ৪জুলাইৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰীৰ পৰা আৰম্ভ কৰি গুৱাহাটী,ডিমা হাছাও,শিলচৰ,কামৰূপ,কৰিমগঞ্জতো পালন কৰা হয় ৰথযাত্ৰা । ৰথ যাত্ৰা উপলক্ষে ১৫ ফুট উচ্চতাৰ ৰথ সাজি উলিওৱা হয় হাফলঙত । মহানগৰীৰ ইস্কন মন্দিৰতো আয়োজন কৰা হয় ৰথযাত্ৰাৰ । এই ৰথযাত্ৰাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল জগদীশ মুখীৰ লগতে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, আৰু অভিনেত্ৰী বৰষা ৰাণী বিষয়া ।

Intro: ধুবুৰী জিলাৰ ভাৰতবাংলা সীমান্তত শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা ৰামৰাইকুঠী সত্ৰত আজি মহাপয়োভৰে পালিত হৈছে ৰথযাত্ৰা| উদুলি মুদলি পৰিবেশ সীমান্তবৰ্তী অঞ্চলটোত |

Body: পৃথিৱী বিখ্যাত পুৰীৰ ৰথযাত্ৰাৰ দৰে সত্ৰশালৰ ৰামৰাইকুঠী সত্ৰতো পালিত হৈছে ৰথযাত্ৰা | উজনিৰ পৰা ভাটি ৰাজ্যলৈ শংকৰদেৱৰ বাৰশৰো অধিক সত্ৰ আছে কোনোখনতে ৰথযাত্ৰা নহয় | এইক্ষেত্ৰত ব্যতিক্ৰম ৰামৰাইকুঠী সত্ৰ | এই ৰথখন এক অমূল্য সম্পদ | পুৰী, বৃন্দাৱন সকলোতে কাঠৰ ৰথ | কিন্তু ইয়াতে একমাত্ৰ কাঠৰ ৰথ | শংকৰদেৱৰ উপস্থিতিত ইয়াতে আই ভূৱনেশ্বৰী আৰু মহাৰাজ নৰনাৰায়নৰ ভাতৃ চিলাৰায়ৰ বিয়া হৈছিল | সেয়ে নৰনাৰায়নে পৰৱৰ্তী সময়ত ৰথখন সত্ৰত দান কৰে | সেয়ে এই অমূল্য সম্পদ খনৰ যথাযথ সংৰক্ষণৰ বাবে চৰকাৰক দাবী জনায় সত্ৰ খনৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী|
আজি পূৱাৰে পৰা গায়ন বায়নৰ পূৱাৰ গীত আই সকলৰ নাম বাপু সকলৰ নাম গায়ন বায়নৰ সেৱাৰ গীতৰ পিছতে মহাপ্ৰভুক ৰথত আৰোহন কৰে | পিছত নামপ্ৰসংগ কৰি ভক্তপ্ৰান ৰাইজে ৰথখন টানি নামঘৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰাই নাতিদূৰত থকা ঘুনুচাবাৰী সত্ৰলৈ নিয়ে |তাতে আঠদিন নাম প্ৰসংগ কৰি ৰাখি পূনৰ সত্ৰলৈ নিয়া হব | ৰথযাত্ৰাত অংশগ্ৰহন কৰিবলৈ অসম পশ্চিমবংগৰ লক্ষাধিক ৰাইজৰ সমাগম হয় |

Byte জিতেন্দ্ৰ নাথ প্ৰধানী, সত্ৰাধিকাৰ তথা সভাপতি অসম সত্ৰ মহাসভা

Conclusion:দেশৰ ভিতৰতে অদ্বিতীয় পিতলৰ ৰথখনৰ সংৰক্ষণৰ বাবে প্ৰতি বছৰে চৰকাৰক সত্ৰৰ তৰফৰ পৰা দাবী কৰি অহা হৈছে যদিও বিগত কোনো চৰকাৰে গুৰুত্ব নিদিলে | এইবাৰ পুনৰ জনোৱা আহ্বান কাণত পৰিবনে চৰকাৰৰ নে কীৰ্তি চিহ্নবোৰ নষ্ট হবলৈ দিব |
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.