ETV Bharat / city

Har Ghar Dastak Campaign : নলবাৰীত সমাপ্ত দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ

author img

By

Published : Dec 6, 2021, 1:53 PM IST

নলবাৰীত সামৰণি পৰিছে দ্বিতীয় পৰ্যায়ৰ ক'ভিড টীকাকৰণ প্ৰক্ৰিয়া(Covid 19 second dose vaccination drive completed in Nalbari) ৷ শনিবাৰে নলবাৰীত 99.9% যোগ্য ব্যক্তিৰ প্ৰথম পালি টীকাকৰণ সুনিশ্চিত কৰিবলৈ সক্ষম হোৱা বুলি সদৰী কৰে স্বাস্থ্য বিভাগে ৷

Har Ghar Dastak Campaign
নলবাৰীত সমাপ্ত দ্বিতীয় পৰ্যায়ৰ টীকাকৰণ প্ৰক্ৰিয়া

নলবাৰী, 6 ডিচেম্বৰ : সমগ্ৰ দেশতে অব্যাহত আছে ক'ভিড-১৯ ৰ টীকাকৰণ প্ৰক্ৰিয়া(Covid 19 vaccination drive in India)। ইতিমধ্যে দেশৰ ১২০ কোটিৰো অধিক লোকে ক'ভিডৰ প্ৰতিষেধক গ্ৰহণ কৰিছে । কিন্তু এতিয়াও দেশৰ বহু স্থানত ১০০ শতাংশ টীকাকৰণ হোৱা নাই । যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ 'হৰ ঘৰ দস্তক' শীৰ্ষক অভিযান আৰম্ভ কৰা হৈছে ।

বিগত 29 নৱেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হোৱা ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আৰম্ভ হৈছিল ৷ সমান্তৰালভাৱে নলবাৰীতো আৰম্ভ হৈছিল এই আঁচনিৰ দ্বিতীয় পৰ্যায় ৷ শনিবাৰে নলবাৰীত 99.9% যোগ্য ব্যক্তিৰ প্ৰথম পালি টীকাকৰণ সুনিশ্চিত কৰিবলৈ সক্ষম হোৱা বুলি সদৰী কৰে স্বাস্থ্য বিভাগে ৷

এই অভিযানৰ সামৰণিৰ অন্তত দেওবাৰে নলবাৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিয়লি 4.30 মিনিটত ক'ভিড টীকাকৰণ অভিযানৰ সৈতে সংগতি ৰাখি এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ এই আলোচনা প্ৰক্ৰিয়াত টীকাকৰণ অভিযানৰ সৈতে জড়িত বিভিন্ন দিশ তথা পৰৱৰ্তী সময়ত দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানৰ সাম্ভাব্য প্ৰত্যাহ্বান আদিৰ বিষয়ে আলোচনা কৰা হয় ৷

উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই আলোচনা প্ৰক্ৰিয়াত উপস্থিত থাকে জিলা উপায়ুক্ত গীতিমণি ফুকন, ক'ভিড টীকাকৰণ প্ৰক্ৰিয়াৰ পৰিদৰ্শক তথা অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ সচিব বিজয়া চৌধুৰী ৷ এই অভিযানৰ লগত জড়িত চক্ৰ বিষয়া, বিএলঅ’ সকলৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু অন্যান্য বিষয়ববীয়াসকল এই আলোচনাত উপস্থিত থাকে ।

বিগত 29 নৱেম্বৰত 'হৰ ঘৰ দস্তক' অভিযানৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আৰম্ভ কৰাৰ দিনটোত নলবাৰী জিলাত প্ৰথম পালি ক'ভিড টীকা গ্ৰহণ কৰিবলৈ বাকী থকা মুঠ যোগ্য ব্যক্তিৰ সংখ্যা আছিল 7,175 গৰাকী ৷ দেওবাৰে দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ অন্তত জিলাখনৰ 7,140 গৰাকীক ক'ভিড টীকাকৰণ প্ৰদান কৰা হয় । সম্প্ৰতি কেৱলমাত্ৰ 35 গৰাকী যোগ্য ব্যক্তিকহে প্ৰথম পালি ক'ভিড ভেকচিন দিবলৈ বাকী আছে ৷ অৰ্থাৎ নলবাৰীৰ 99.9% যোগ্য ব্যক্তিকেই প্ৰদান কৰা হৈছে প্ৰথম পালি প্ৰতিষেধক ৷

উল্লেখ্য যে, জনসংখ্যাৰ ভিত্তিত চৰকাৰীভাৱে নলবাৰী জিলাৰ টীকাকৰণৰ মুঠ লক্ষ্য আছিল 5,51,909 ৷ ইতিমধ্যে এই লক্ষ্য সুকলমে সম্পূৰ্ণ হৈছে ৷ এই অভিযানৰ সফল পৰিসমাপ্তিত নলবাৰীৰ 'হৰ ঘৰ দস্তক' অভিযানৰ লগত জড়িত প্ৰতিগৰাকী কৰ্মচাৰী বিশেষকৈ আশাকৰ্মীসকলৰ পৰিশ্ৰম আৰু কৰ্তব্য পৰায়ণতাৰ শলাগ লয় জিলা উপায়ুক্তগৰাকীয়ে ৷

উপায়ুক্তৰ লগতে ভেকচিন প্ৰক্ৰিয়া পৰিদৰ্শক বিজয়া চৌধুৰীয়ে প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীৰ কৰ্তব্যৰ প্ৰতি থকা দায়িত্ববোধৰ শলাগ লয় আৰু নলবাৰী জিলাত এই অভিযান সঁচা অৰ্থত সফল হৈছে বুলিও মন্তব্য কৰে ৷

লগতে পঢ়ক : Har ghar dastak in :মুখ্য সচিবৰ বুজনিত প্ৰতিষেধক ল'লে দ্বিধাগ্ৰস্ত লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.