ETV Bharat / city

নলবাৰীৰ বৰ্নীবাৰীত বিজেপি মহিলা কৰ্মীক চোকা অস্ত্ৰৰে আক্ৰমণ - নলবাৰী জিলা কাৰ্য্যনিৰ্বাহক সদস্য ৰীণা তালুকদাৰ

নলবাৰী জিলাৰ বৰ্নীবাৰীত চাঞ্চল্যকৰ ঘটনা ৷ শুকুৰবাৰে নিশা এগৰাকী বিজেপি মহিলা কৰ্মীক ঘৰত কোনো নথকা সুযোগত কোনো দুজনীয়া দুৰ্বৃত্তই উপৰ্যুপৰি চোকা অস্ত্ৰৰে আঘাত কৰে (Stabbing incident in Nalbari) । যাৰ ফলত গুৰুতৰ ভাৱে আহত হয় মহিলাগৰাকী ৷

stabbing-incident-at-barnibari-in-nalbari
নলবাৰীৰ বৰ্নীবাৰীত বিজেপি মহিলা কৰ্মীক চোকা অস্ত্ৰৰে আক্ৰমণ
author img

By

Published : Apr 30, 2022, 5:38 PM IST

নলবাৰী, 30 এপ্ৰিল : নলবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ নলবাৰীৰ বৰ্নীবাৰীত শুকুৰবাৰে নিশা এগৰাকী বিজেপি মহিলা কৰ্মীক ঘৰত কোনো নথকা সুযোগত কোনো দুজনীয়া দুৰ্বৃত্তই উপৰ্যুপৰি চোকা অস্ত্ৰৰে আঘাত কৰে (Stabbing incident in Nalbari) । লগে লগে মহিলাগৰাকীক সংকটজনক অৱস্থাত নলবাৰী এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্ত্তি কৰায় যদিও উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে ৷

আহত মহিলা গৰাকী বিজেপিৰ নলবাৰী জিলা কাৰ্য্যনিৰ্বাহক সদস্য ৰীণা তালুকদাৰ বুলি জানিব পৰা গৈছে ৷ ইফালে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ ইতিমধ্যে চুৰিকাঘাতৰ ঘটনাৰ লগত জড়িত এজন লোকক আটক কৰে আৰক্ষীয়ে ৷ আটকাধীন যুৱকজন 2 নং নপ্তিপাৰাৰ নিৱাসী অৰূপ তালুকদাৰ (25) বুলি জানিব পৰা গৈছে ৷

নলবাৰীৰ বৰ্নীবাৰীত চুৰিকাঘাটৰ ঘটনা

মহিলা গৰাকীৰ স্বামীয়ে সাংবাদিকৰ আগত মন্তব্য কৰা মতে, ‘‘কি কাৰণত যুৱকজনে মহিলাগৰাকীক আক্ৰমণ কৰিলে সেই কথা তেওঁলোকে নাজানে ৷’’ অৱশ্যে অৰূপ তালুকদাৰ নামৰ লোকজনে বিজেপি মহিলা কৰ্মী ৰীণা তালুকদাৰক কি কাৰণত ছুৰিকাঘাত কৰিলে (Stabbing incident at Barnibari ) সেয়া জানিব পৰা হোৱা নাই যদিও বৰপেটাৰোড আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: উৎকোচ গ্ৰহণ কৰি হাতে-লোটে ধৰা পৰিল শিক্ষা বিভাগৰ কাৰ্যবাহী অভিযন্তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.