নলবাৰী, 14 অক্টোবৰ : SI প্ৰশ্নকাকত ফাদিল কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰা কমল হাজৰিকাক মুকলি কৰি দিয়ে নলবাৰী আৰক্ষীয়ে ৷ নামৰ খেলি-মেলিৰ বাবেই কমল হাজৰিকাক ভুলবশতঃ আটক কৰিছিল বুলি জনায় আৰক্ষীয়ে ৷
ৰাজ্য কঁপোৱা SI প্ৰশ্নকাকত ফাদিল কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যেই বহুকেইজন লোকক আটক কৰা হৈছে ৷ এই কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত যোৱা নিশা নলবাৰী আৰক্ষীয়ে আটক কৰিছিল কমল হাজৰিকাক ৷ পূৰ্বৰ অভিযোগ অনুসৰি, SI কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দিবন ডেকাৰ সৈতে ফোনযোগে যোগাযোগ আছিল কমল হাজৰিকাৰ ৷
উল্লেখ্য যে, মঙলবাৰৰ দিনটোত প্ৰাক্তন আৰক্ষী মহানিৰ্দেশক পি.কে. দত্তক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ 7 অক্টোবৰৰ পৰা ছয় দিনৰ বাবে চিআইডিৰ জিম্মাত আছিল দত্ত ৷ কিছুদিন পূৰ্বে দত্তক পশ্চিম বংগৰ আৰক্ষীয়ে ভাৰত-নেপাল সীমান্তৰ কাকৰভিটাৰ পৰা গ্ৰেপ্তাৰ কৰিছিল ৷ বৰ্তমানলৈকে SI প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকাৰ সন্দেহত 47 জন লোকক আটক কৰা হৈছে ৷
লগতে পঢ়ক : জিলা প্ৰশাসনক হাই এলাৰ্ট জাৰী তেলেংগানা চৰকাৰৰ