ETV Bharat / city

নলবাৰীত বান সাহায্য বিতৰণ শিল্পী সমাজৰ - বৰ শিমলুৱা

নলবাৰীৰ বৰ শিমলুৱা গাঁৱত এতিয়াও অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি ৷ ইতিমধ্যে বানাক্ৰান্ত লোকসকল তীব্ৰ খাদ্য সংকটত পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷

Relief Distribution By Silpi Samaj At Nalbari
নলবাৰীত বান সাহায্য বিতৰণ শিল্পী সমাজৰ
author img

By

Published : Aug 1, 2020, 7:28 PM IST

নলবাৰী, 1 আগষ্টঃ ৰাজ্যত দীৰ্ঘ দিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ ফলত বিভিন্ন জিলাত ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ঠিক একেদৰে নলবাৰী জিলাতো বানে ঘৰ দুৱাৰ,হাজাৰ হাজাৰ বিঘা কৃষি ভূমিৰ লগতে বহু পশুধনৰ বিস্তৰ ক্ষতি সাধন হয় বানাক্ৰান্ত লোকসকলৰ ৷

নলবাৰীত বান সাহায্য বিতৰণ শিল্পী সমাজৰ

উল্লেখ্য যে,বিগত দুমাহ ধৰি ঘৰৰ ভিতৰত আছে পানী । তাৰোপৰি ঘৰৰ ভিতৰতে নাও চলাই জীৱন নিৰ্বাহ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । নলবাৰী জিলাত আছে এইখন গাঁওখন। নলবাৰী জিলাৰ অতি ভিতৰুৱা গাঁও খনৰ নাম হ'ল বৰ শিমলুৱা । ইতিমধ্যে গাঁও খনত বানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ ৷ বানে গৰকা বৰ শিমলুৱা গাঁৱত শনিবাৰে বান সাহাৰ্য বিতৰণ কৰিবলৈ উপস্থিত হয় অসম শিল্পী সমাজ । নাৱেৰে আহি কন্ঠশিল্পী ভৃগু কাশ্যপ,মন্টু মনি শইকীয়া,গীতালী কাকতি,ৰূপালী কাশ্যপ, নিৰ্মালী আদি শিল্পী উপস্থিত হৈ প্ৰায় তিনিশ পঞ্চাশটা বানাক্ৰান্ত পৰিয়ালৰ মাজত বিতৰণ কৰে বান সাহাৰ্য। বান সাহাৰ্য বিতৰণ কৰাৰ লগতে বানাক্ৰান্ত লোকৰ বাবে শিল্পী মন্টু মনি শইকীয়াই গালে কেইবাটাও গীত । উল্লেখ যোগ্য যে,পাগলদিয়া নদীৰ বানে জুৰুলা কৰা বৰভাগৰ এই গাঁওখন দীৰ্ঘ দিন ধৰি এইদৰে বানত ডুবি থকাৰ পিছতো কাণসাৰ নাই স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ ।

লগতে পঢ়ক- বাক্সাত পাগলাদিয়া নৈৰ গৰাখহনীয়াত শংকিত নৈ পৰীয়া ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.