নলবাৰী, 6 জুন : নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা হায় হায়, নলবাৰী পৌৰসভা হায় হায় শ্লোগানৰে প্ৰতিবাদ কৰি বন্ধ কৰি দিলে নলবাৰী চহৰৰ পথ ৷ নলবাৰী চহৰৰ মাজমজিয়াৰ গোপাল বজাৰৰ ১২ নং ৱাৰ্ডৰ এটা পথটোৰ বাবে প্ৰতিবছৰে পথচাৰী তথা স্থানীয়লোক সকলে বাৰিষা কালত যন্ত্ৰণা ভুগি আহিছে ৷ এজাক বৰষুণতে পথটোত একাঁঠু পৰ্যন্ত পানীৰে জলমগ্ন হৈ পৰি যাতায়তৰ বাবে অনুপযোগী হৈ পৰে ৷ একমাত্ৰ নলবাৰী জিলাৰ পৌৰ সভাৰ দায়িত্বহীন কাণ্ডৰ বাবে এনেদৰে যাতনা ভুগিবলগীয়া হৈ পৰিছে 12 নং ৱাৰ্ডৰ বাসিন্দা সকলে ৷
বৰষুণৰ পানী নিষ্কাষণৰ কোনো বৈজ্ঞানিক পদ্ধতি তথা নলা নৰ্দমা সমূহ সময়মতে চাফ-চিকুণ নকৰাৰ ফলতেই এই যাতনা ভুগি থাকিবলগীয়া হোৱা বুলিও মন্তব্য কৰে স্থানীয় ৰাইজে ৷ অতিশীঘ্ৰে পথটোৰ সমস্যা দূৰ নকৰিলে পথছোৱা সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে ৷ উল্লেখযোগ্য যে, এই পথটো নলবাৰী প্ৰেমদা হোটেল হৈ চামতা সৰ্থেবাৰী কৈঠালকুছি লৈ যাব পৰা এক গুৰুত্বপূৰ্ণ পথ ৷
লগতে পঢ়ক : ক’ভিডত অসুস্থ নীলপৱন বৰুৱা : কি ক'লে চিকিৎসকে ?