ETV Bharat / city

টিহুত বিজেপি নেতাৰ গুণ্ডাগিৰী: হাতত দা-ডেগাৰ লৈ চাৰিটা পৰিয়ালক আক্ৰমণ - Tihu news

বিজেপিৰ অসম প্ৰদেশ কিষাণ মৰ্চাৰ উপ-সভাপতি নিৰেন কলিতা আৰু তেওঁৰ ভাতৃ তথা জিলা বিজেপি সভাপতি পদৰ দাবীদাৰ পৰেশ কলিতাৰ বিৰূদ্ধে গুৰুত্বৰ অভিযোগ ৷

টিহুত বিজেপি নেতাৰ গুণ্ডাগিৰী: ভূমি বিবাদক কেন্দ্ৰ কৰি হাতত দা-ডেগাৰলৈ চাৰিটা পৰিয়ালক আক্ৰমণ
author img

By

Published : Nov 1, 2019, 11:48 PM IST

নলবাৰী,1 নৱেম্বৰ: টিহুত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই বিজেপি নেতাই চলাইছে ব্যাপক গুণ্ডাগিৰি ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে বিজেপিৰ অসম প্ৰদেশ কিষাণ মৰ্চাৰ উপ-সভাপতি নিৰেন কলিতা আৰু তেওঁৰ ভাতৃ তথা জিলা বিজেপি সভাপতি পদৰ দাবীদাৰ পৰেশ কলিতাই ক্ষমতাৰ ৰাগিত মতলীয়া হৈ ভূমি বিবাদক লৈ চাৰিটা পৰিয়ালক হাতত দা -ডেগাৰ লৈ আক্ৰমণ কৰাৰ কথা ৷

ঘটনা অনুসৰি কলিতা ভাতৃদ্বয়ে নিৰেন কলিতা টিহু আঞ্চলিক পঞ্চায়তৰ সভাপতি হৈ থকা কালচোৱাত নিজৰ ঘৰলৈ যোৱা ১৯০ মিটাৰ এটি পথ নিৰ্মাণৰ অনুমোদন কৰি ১৬০ মিটাৰ পথ কেইবাটাও পৰিয়ালৰ খেতি মাটিৰ মাজেৰে নিৰ্মাণ কৰিব বিচাৰিছিল । কিন্তু একমাত্ৰ নিজৰ ঘৰলৈ যোৱাৰ স্বাৰ্থত আনৰ মাটি অধিগ্ৰহণ কৰিব খোজাত ভুক্তভোগী পৰিয়াল কেইটাই ন্যায়ালয়ৰ কাষ চাপি ন্যায়ালয়ৰ সহায়ত পথটোৰ নিৰ্মাণ বন্ধ কৰি ৰাখে ৷

টিহুত বিজেপি নেতাৰ গুণ্ডাগিৰী

শুকুৰবাৰে বিজেপি নেতা নিৰেন কলিতা আৰু তেওঁৰ ভাতৃ পৰেশ কলিতাই ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি পথটো পুনৰ মুকলি কৰিবলৈ যোৱাত পৰিয়াল কেইটাই বাধা প্ৰদান কৰে আৰু তাৰ পাছতে হাতত দা-ডেগাৰলৈ ভাতৃদ্বয়ে পৰিয়ালকেইটাক আক্ৰমণ কৰে ৷ উল্লেখযোগ্য যে, ঘটনাৰ পাছতে পৰিয়াল সমূহে টিহু আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও অভিযুক্ত শাসকীয় দলৰ নেতা হোৱাৰ বাবেই গুৰুত্ব দিয়া নাই আৰক্ষীয়ে ৷ বিজেপি নেতা দুজনৰ এই কাৰ্যৰ ফলত চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ টিহু অঞ্চলত ৷ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী জনাইছে ৰাইজে ৷

Intro:
# টিহুত বিজেপি নেতাৰ গুণ্ডাগিৰী # হাতত দা -ডেগাৰ লৈ আক্ৰমণ চাৰিটা পৰিয়ালক #
Body:টিহুত বিজেপি নেতা দুই ভাতৃয়ে হাতত দা-দেগাৰ লৈ চাৰিটা পৰিয়ালক আক্ৰমণ কৰা ঘটনাই সমগ্ৰ অঞ্চল টোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ক্ষমতাৰ ৰাগিত মতলীয়া হৈ ভূমি বিবাদক কেন্দ্ৰ কৰি আক্ৰমণ কৰে বিজেপি নেতা দুই ভাতৃদ্বয়ে । এই ঘটনাই এতিয়া উত্তেজনাৰ সৃষ্টি কৰিছে টিহু অঞ্চলত ।

বিজেপিৰ অসম প্ৰদেশ কিষাণ মৰ্চাৰ উপ-সভাপতি নিৰেন কলিতা আৰু তেওৰ ভাতৃ এইবাৰৰ টিহু মণ্ডল বিজেপিৰ সভাপতি পদৰ প্ৰাৰ্থী পৰেশ কলিতাই টিহুৰ নিজখানাত এক ভূমি বিবাদক কেন্দ্ৰ কৰি অশ্লীল গালি গালাজ কৰাৰ উপৰিও হাতত দা -ডেগাৰ লৈ আক্ৰমণ কৰাৰ অভিযোগ চাৰিটা পৰিয়ালক । উল্লেখ্য যে নিৰেন কলিতাই পূৰ্বৰ পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি জলখানা-ভঠুৱাখানা গাঁও পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য পদত জয়লাভ কৰি টিহু আঞ্চলিক পঞ্চায়তৰ সভাপতি হৈছিল । সেই সময়তে কলিতাই নিজৰ ঘৰলৈ যোৱা ১৯০ মিটাৰ এটি পথ নিৰ্মাণৰ অনুমোদন কৰি ১৬০ মিটাৰ পথ কেইবাটাও পৰিয়ালৰ খেতি মাটিৰ মাজেৰে নিৰ্মাণ কৰিব বিচাৰিছিল । একমাত্ৰ নিজৰ ঘৰলৈ যোৱাৰ সুবিধাৰ্থে আনৰ মাটি অধিগ্ৰহণ কৰিব বিছৰাত পৰিয়াল সমূহে ন্যায়ালয়ৰ কাষ চপাত ন্যায়ালয়ে পথটোৰ নিৰ্মাণ বন্ধ কৰি ৰাখে । শুক্ৰবাৰে নিৰেন কলিতা আৰু তেওৰ ভাতৃ পৰেশ কলিতাই ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি পথটো মুকলি কৰিবলৈ যোৱাত চাৰিটা পৰিয়ালৰ লোকে বাধা প্ৰদান কৰাত দুয়ো হাতত দা - দেগাৰ লৈ আক্ৰমণ কৰে । পিছত পৰিয়াল সমুহে টিহু আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে পৰিয়ালৰ সদস্য সকলে । উল্লেখ্য যে বিগত পঞ্চায়ত নিৰ্বাচনৰ আগমূহুৰ্তত নিৰেন কলিতাই বিজেপি দলত যোগদান কৰে । পিছত বিজেপিয়ে কলিতাক অসম ৰাজ্যিক কিষাণ মৰ্চাৰ উপ-সভাপতি হিচাপে দায়িত্ব দিয়ে । আনহাতে তেওঁৰ ভাতৃ পৰেশ কলিতাই আগন্তুক টিহু মণ্ডল বিজেপিৰ সভাপতি পদৰ দাবিদাৰ । তেনেস্থলত দুজন বিজেপি নেতাৰ এনে কাৰ্যই জোকাৰণি তুলিছে টিহু অঞ্চলত । বিজেপি নেতাৰ বিৰুদ্ধে অভিযোগ দিয়াৰ বাবেই আৰক্ষীয়ে অভিযোগ কাৰিক গুৰুত্ব নিদিয়া বুলিও চৰ্চা হৈছে ।

বাইট : অভিযোগ কাৰী
Conclusion:কৈলাস ডেকা, নলবাৰী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.