ETV Bharat / city

বান গ’লেও ঘৰলৈ যাব পৰা নাই পশ্চিম নলবাৰীৰ বন্যাৰ্ত - Flood damages in Nalbari

বাঢ়নী পানী শুকাল যদিও বিভীষিকাই এতিয়াও লগ এৰা নাই নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ বন্যাৰ্তক (Flood damages in Nalbari) ৷ নলবাৰীৰ আমনিত এমাহ ধৰি আশ্ৰয় শিবিৰতেই থাকিব লগা হৈছে বন্যাৰ্ত ।

Flood damages in Nalbari
Flood damages in Nalbari
author img

By

Published : Jul 12, 2022, 7:23 PM IST

নলবাৰী, 12 জুলাই: শেহতীয়া বানে ৰাজ্যৰ আন প্ৰান্তৰ লগতে তচনচ কৰি গ’ল নলবাৰী জিলাৰো বহু অঞ্চল (Flood in Nalbari) ৷ লাহে লাহে পানী শুকাইছে যদিও অসহায়ভাৱে আশ্ৰয় শিৱিৰতেই দিন কটাবলগীয়া হৈছে নলবাৰীৰ বহু বন্যাৰ্তই (Post flood problems)৷ বানৰ কৱলত পৰি এতিয়া গৃহহীন হৈ পৰিছে এইসকল লোক ৷ কাৰোবাৰ ঘৰ যদি বানত উটি গৈছে, আন কাৰোবাৰ আকৌ ঘৰৰ মজিয়া-চোতাল আদি পোত গৈছে বালি আৰু পলসেৰে ৷

বান গ’লেও ঘৰলৈ যাব পৰা নাই পশ্চিম নলবাৰীৰ বন্যাৰ্ত

বাঢ়নী পানী শুকাল যদিও বিভীষিকাই এতিয়াও লগ এৰা নাই নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ বন্যাৰ্তক (Flood damages in Nalbari) ৷ নলবাৰীৰ আমনিত এমাহ ধৰি আশ্ৰয় শিবিৰতেই থাকিব লগা হৈছে বন্যাৰ্ত । বানে সকলো তচনচ কৰি থৈ যোৱা পিছত এতিয়া দেখা দিছে আন এক সমস্যাই । ঘৰলৈ উভতি গৈ মুৰে-কপালে হাত দিয়াৰ বাহিৰে যেন একো উপায় নোহোৱা হৈছে বন্যাৰ্তৰ । বুঢ়াদিয়া নদীৰ মথাউৰি ছিগাৰ ফলত আমনি অঞ্চলত বানে সৃষ্টি কৰিছিল বিভীষিকাৰ ৷ বহু লোকৰ ঘৰ দুৱাৰ ভঙাৰ লগতে ছিঙি নিছিল বাট-পথ ৷

বানত ঘৰ-বাৰী হেৰুৱাই এতিয়া শিৱিৰকে আশ্ৰয়ৰ থল হিচাপে ভাবিবলৈ বাধ্য হৈছে লোকসকলে ৷ গৃহ নিৰ্মাণৰ বাবে চৰকাৰৰ পৰা সহায় বিচাৰিছে তেওঁলোকে ৷ লগতে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকো আহ্বান জনাইছে আপোন ঘৰখন আকৌ সজোৱাত সহায়ৰ হাত আগবঢ়াবলৈ ৷ কেতিয়া দুখ দুৰ হ’ব এই সকল বন্যাৰ্তৰ, কেতিয়া যাব পাৰিব আপোন ঘৰখনলৈ ? তেওঁলোকে মাথো অপেক্ষা কৰিব লগীয়া হৈছে আশ্ৰয় শিৱিৰত ৰৈ ৷

লগতে পঢ়ক : Youth missing in Goalpara: গোৱালপাৰাৰ জিনাৰী নৈত সন্ধানহীন যুৱক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.