ETV Bharat / city

ভূপেন বৰাৰ কথা নকয় জয়ন্ত মল্ল বৰুৱাই - মিছন 2024

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক ‘জ’কাৰ’ আখ্যা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ (Jayantta malla Baruah terms APCC president as Joker) ৷ ইফালে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ গ্ৰেপ্তাৰ সন্দৰ্ভত তেওঁ কয় যে আলফালৈ যোৱাৰ কথা ক’লে সেয়া ৰাষ্ট্ৰদ্ৰোহ বুলিয়েই গণ্য কৰা হয় ৷ বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশোৱন্ত সিনহা কনটেষ্টত নাহে বুলি জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে ৷

Jayantta malla Baruah terms APCC president as Joker

author img

By

Published : Jul 15, 2022, 10:47 PM IST

নলবাৰী, 15 জুলাই : নলবাৰীৰ বৰ আজাৰাত শুকুৰবাৰে অনুস্থিত হয় নলবাৰী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সভা (Nalbari BJP executive meeting) । উক্ত সভাত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰণজিৎ দাস, চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে বিজেপিৰ দুই সাংসদ কুইন ওজা আৰু দিলীপ শইকীয়া ।লোকসভা নিৰ্বাচনৰ লগতে পঞ্চায়ত নিৰ্বাচনত পুনৰ বিজেপিৰ বিজয়ৰ লক্ষ্যৰে চান্দকুছিত জিলা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কথা নকয় জয়ন্ত মল্ল বৰুৱাই

জিলা কাৰ্যনিৰ্বাহক সভাখনত জিলাখনৰ কাৰ্যকৰ্তা আৰু পঞ্চায়ত প্ৰতিনিধিসকলো উপস্থিত থাকে । বিৰোধী দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশোৱন্ত সিনহা কনটেষ্টত নাহে বুলি জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰাৰ লগতে ভূপেন বৰাক জ’কাৰ আখ্যা দিয়ে মন্ত্ৰীগৰাকীয়ে (Jayantta malla Baruah terms APCC president as Joker) ৷ লগতে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা সাংসদ মহুৱা মৈত্ৰৰ বিতৰ্কিত টুইট সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকে জয়ন্ত মল্ল বৰুৱা ৷

আনহাতে মন্ত্ৰী ৰঞ্জিত দাসে বিজেপিৰ হাতত নথকা বৰপেটা লোকসভা সমষ্টি দখলৰ লক্ষ্য আছে বুলি দোহাৰে সাংবাদিকৰ আগত । আগন্তুক সময়ত বিজেপিয়ে কিদৰে লোকসভা নিৰ্বাচনত বিজয়ৰ বাবে অভিযান চলাব সেই সম্পৰ্কে মতামত আগবঢ়াই বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই ৷

উল্লেখ্য যে, 2014 আৰু 2019 ৰ দৰে 2024 তো দেশৰ মচনদ দখলৰ বাবে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ কৰিছে বিজেপিয়ে (BJP gear up for 2024 Lok Sabha election) ৷ 2014 ত পৰিৱৰ্তনৰ শ্ল’গানেৰে ৰাজপাট দখল কৰাৰ পাচত 2019 ত সবকা সাথ, সবকা বিকাশ শ্ল’গানেৰে পুনৰ শাসনলৈ আহে বিজেপি দল ৷ এইবাৰ পুনৰ জয়যাত্ৰা অব্যাহত ৰখাৰ স্বাৰ্থত বিজেপিয়ে আৰম্ভ কৰিছে ‘‘মিছন 2024’’ (BJP mission 2024) ৷

বিজেপিৰ এই মিছনৰ অংশ স্বৰূপে সমগ্ৰ দেশতে বিৰোধীৰ দখলত থকা সমষ্টি সমূহ নিজৰ দখললৈ অনাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে ৷ বিজেপি সাংসদসকলক একোটাকৈ সমষ্টি ভগাই দিয়া হৈছে ৰাইজৰ মাজলৈ গৈ দলীয় প্ৰচাৰ চলোৱাৰ বাবে ৷ মুঠতে যিকোনো প্ৰকাৰে সফল কৰিব লাগে মিছন 2024 ৷ অসমতো বিজেপিয়ে এই মিছন আৰম্ভ কৰিছে (BJP Mission 2024 in Assam)৷

অসমৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত 9টা বিজেপিৰ দখলত থকাৰ বিপৰীতে কংগ্ৰেছৰ দখলত 3 টা, এ আই ইউ ডি এফৰ দখলত এটা আৰু গণ সুৰক্ষা পাৰ্টীৰ দখলত এটা সমষ্টি আছে (Assam total Lok Sabha seats) ৷

ইতিমধ্যে বিজেপিৰ কেন্দ্ৰীয় সমিতিয়ে অসমৰ কলিয়াবৰ, নগাঁও, বৰপেটা আৰু ধুবুৰী সমষ্টিৰ বাবে একোজনকৈ সাংসদক দায়িত্ব অৰ্পন কৰিছে ৷ কলিয়াবৰ সমষ্টিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নগাঁৱত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বৰপেটাত ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা আৰু ধুবুৰীত ৰাজ্যসভাৰ নৱ-নিৰ্বাচিত বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক দায়িত্ব ন্যস্ত কৰিছে বিজেপিয়ে ৷

লগতে পঢ়ক : BJP mission 2024: কলিয়াবৰ উদ্ধাৰৰ বাবে নামিছে সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.