ETV Bharat / city

Farmers problem in Nalbari: পথাৰতে মৰহিছে কৃষকৰ সপোন, কুম্ভকৰ্ণৰ নিদ্ৰাত কৃষি বিভাগ - Paddy has dried up in Sun

সম্প্ৰতি খৰাঙৰ কবলত নলবাৰীৰ বিভিন্ন অঞ্চলৰ ইৰি ধানৰ খেতিসমূহ (Farmers problem in Nalbari) ৷ ফলত শ শ বিঘা ইৰি ধানৰ খেতি অস্বাভাৱিকভাৱে নষ্ট হোৱাত মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে শতাধিক কৃষকৰ ৷

পথাৰতে মৰহিছে কৃষকৰ সপোন, কুম্ভকৰ্ণৰ নিদ্ৰাত কৃষি বিভাগ

author img

By

Published : May 6, 2022, 7:36 PM IST

নলবাৰী, 6 মে’: পথাৰতে মৰহিছে কৃষকৰ সপোন ৷ কুম্ভ নিদ্ৰাত মুকালমুৱা মহকুমা কৃষি বিভাগ । নলবাৰী জিলাৰ মুকালমুৱাত শ শ বিঘা ইৰি ধানৰ খেতি অস্বাভাৱিকভাৱে নষ্ট হোৱাত মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে শতাধিক কৃষকৰ (Paddy has dried up in Sun) ৷

বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঘোগা, বদনি-আখিয়া, চতেমাৰী, লাউপাৰা, পুৰাণ আখিয়া আদি বিভিন্ন অঞ্চলৰ সৰহ সংখ্যক কৃষকৰ ইৰি খেতি পুৰি নষ্ট হোৱাত বৃহৎ লোকচানৰ সন্মুখীন হৈছে কৃষকসকল (Farmers problem in Nalbari) ৷ অশেষ ত্যাগ, কষ্ট আৰু সাঁচতীয়া ধন খৰচ কৰি মাঘ, ফাগুন মাহত ৰোপণ কৰিছিল ইৰি ধানৰ এই খেতি ৷ খেতিসমূহ ঠন ধৰি উঠাৰ সময়তে অস্বাভাৱিকভাৱে প্ৰখৰ ৰ’দত দেই-পুৰি মৰহি যোৱা পৰিলক্ষিত হয় ৷

পথাৰতে মৰহিছে কৃষকৰ সপোন, কুম্ভকৰ্ণৰ নিদ্ৰাত কৃষি বিভাগ

ফলত কৃষকসকলৰ মাজত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে ৷ ঠন ধৰি উঠা খেতিসমূহ হঠাতে জ্বলি যোৱাত হতাশ হৈ পৰা কৃষকসকলে মুকালমুৱাৰ মহকুমা কৃষি বিভাগক বিষয়টো সন্দৰ্ভত অৱগত কৰে ৷ যদিও বিভাগটোৰ বিষয়া, গ্ৰামসেৱকসকলৰ আজি পৰ্যন্ত ভুক্তভোগী কৃষকসকলৰ খবৰ ল'বলৈ আহৰি নহ'ল বুলি ক্ষোভ প্ৰকাশ কৰে কৃষকসকলে ৷

উল্লেখ্য যে, খেতিসমূহত পানী থকা স্বত্বেও কি কাৰণে খেতিসমূহ পুৰি গ'ল কৃষকসকলে একো উৱাদিহ পোৱা নাই ৷ আনৰ খেতিমাটি ঠিকাত লৈ প্ৰতিবিঘা ভূমিত 5 ৰ পৰা 8 হেজাৰ টকা খৰচ কৰি প্ৰতিজন কৃষকে ইৰি ধানৰ খেতি কৰিছিল ৷ সম্প্ৰতি কৃষি কৰ্মৰ জড়িয়তে জীৱন-যাপন কৰি অহা এইসকল কৃষকসকলে চৰকাৰৰ পৰা বিচাৰিছে উপযুক্ত ক্ষতিপূৰণ ৷

লগতে পঢ়ক : উখল মাখল বৰগছ: কাজিৰঙাত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.