নলবাৰী, 31 আগষ্টঃ লাহে লাহে ৰাজ্যত বলিব ধৰিছে 2021 চনত হ'বলগীয়া বিধান সভা নিৰ্বাচনীৰ বতাহ । প্ৰতিটো ৰাজনৈতিক দলেই ইতিমধ্যে আৰম্ভ কৰিছে নিৰ্বাচনৰ ৰণকৌশল ৷ সমান্তৰালভাৱে এতিয়া বিভিন্ন দল সংগঠনৰ নেতা-পালিনেতাই শাসকীয় দলৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ।
ইফালে সোমবাৰে বৰমাত কোনো ব্যক্তিগত কামত গৈ নলবাৰী চহৰত উপস্থিত হয় প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইন । দুলু আহমেদে বৰক্ষেত্ৰীত কংগ্ৰেছ দলৰ বিপক্ষে সমালোচনা কৰা সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰোতে কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰিলে ৰকিবুল হুছেইনে। আনহাতে, কংগ্ৰেছী নেতা গৰাকীয়ে বৰ্তমান সময়ত বিজেপি দলৰ শাসন কালত অসমৰ ৰাইজৰ কোনো উন্নয়ন হোৱা নাই বুলি মন্তব্য কৰে । সকলো দিশতেই বিজেপি মিত্ৰজোঁট চৰকাৰ খন সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে ৷
আনহাতে নিৰ্বাচনৰ আগতে বিজেপি নেতৃত্বাধীন চৰকাৰ খনে নিবনুৱা সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি পালন নকৰিলে ৷ বৰঞ্চ ৰাজ্যৰ সমস্যা সমুহ সমস্যা হৈয়ে থাকিল যদিও সমস্যা সমাধান কৰিবলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে । ইফালে ৰাজ্যত সকলো সৰ্বসাধাৰণ ৰাইজে নিৰ্বাচনৰ পূৰ্বে দিয়া মিছা প্ৰতিশ্ৰুতি বোৰ মনত ৰাখিছে ৷ ইয়াৰ প্ৰত্যুত্তৰ এইবাৰ বিধান সভা নিৰ্বাচনত নিশ্চয় দিব বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে ৷
লগতে পঢ়ক- ডঃ হিমন্ত বিশ্ব শৰ্মা এতিয়া ফেক্টৰ নহয়: ৰূপজ্যোতি কুৰ্মী