নলবাৰী, 31 অক্টোবৰ : নলবাৰী জিলাৰ মুকালমুৱাত দেওবাৰে আৰক্ষীয়ে পুনৰ বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে । মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত এটা দলে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই ড্ৰাগছসহ সৰবৰাহকাৰীকো আটক কৰে ৷ আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীটো শ্বাহ জামাল আলম বুলি জানিব পৰা হৈছে ।
শ্বাহ জামাল আলমে এখন চাৰিচকীয়া বাহনত ড্ৰাগছখিনি লৈ গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে গৈ থকা অৱস্থাত মুকালমুৱাৰ বামুণবড়ীত আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰীটোক । ড্ৰাগছ সৰবৰাহকাৰীটোৰ পৰা 24.34 গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ আনহাতে মুকালমুৱা আৰক্ষীয়ে জব্দ কৰা চাৰিকচীয়া বাহনখনৰ নম্বৰ AS 01 BM 2086 ।
ধৃত শ্বাহ জামাল আলমৰ ঘৰ গোৱালপাৰা জিলাত বুলি জানিব পৰা গৈছে । ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ লগত আৰু কেইবাটাও ড্ৰাগছ মাফিয়া জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি মুকালমুৱা আৰক্ষীয়ে অব্যাহত ৰাখিছে আটকাধীন শ্বাহ জামাল আলমৰ জেৰা ।
লগতে পঢ়ক : আৰক্ষীৰ জালত ঘোষ ব্ৰাডাৰ্চৰ স্বত্বাধিকাৰী প্ৰতুল ঘোষ